প্ৰিয়ংকাৰ শাড়ীৰ পৰা নমো টুপীলৈ ভোটাৰৰ মন আকৰ্ষণৰ ভিন্ন কৌশল কংগ্ৰেছ-বিজেপিৰ

Priyanka Saree

দিল্লীৰ আখতাৰ ৰোডৰ ব্যৱসায়ী জিৎ ৰামে বিগত দুই দশক ধৰি কংগ্ৰেছৰ মোহৰ লগোৱা সাজ-পোছাক বা পতাকা আদিৰ ব্যৱসায়ী কৰি আহিছে । দলৰ মুখ্য কাৰ্যালয়ৰ ওচৰতে জিৎ ৰামৰ বিপণী আছে। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ দল নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ নাম-ছবি অংকিত শাড়ী বিক্ৰী কৰিছে । লোকসভা নিৰ্ব্বাচন আৰম্ভ হবলৈ কিছুদিন বাকী থকা অৱস্থাত প্ৰিয়ংকাৰ শাড়ীৰ চাহিদা বৃদ্ধি পাইছে । তদুপৰি জিৎ ৰামৰ বিপণীত গাড়ীত লগোৱা পতাকা, ষ্টিকাৰ আদিও পোৱা যায় । স্বাভাৱিকতে নিৰ্ব্বাচনৰ দিন ওচৰ চাপি অহাত প্ৰিয়ংকাৰ শাড়ীৰ চাহিদা পূৰ্বতকৈ বৃদ্ধি পাইছে । এনে একোখন শাড়ীৰ দাম সাতশ টকা। কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা বা কৰ্মীয়ে এনে শাড়ী ক্ৰয় কৰিবলৈ উথপথপ লগাইছে । একে কথাই খাটে বিজেপিৰ ক্ষেত্ৰতো । ‘নমো’ বুলি লিখা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছবি অংকিত টুপী বজাৰত মুকলি হৈছে । দলৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলে এনে টুপী ক্ৰয় কৰিবলৈ হেতা ওপৰা কৰিবলৈ লৈছে । তদুপৰি ‘মে ভী চৌকিদাৰ’ টি-ছাৰ্টো বজাৰত মুকলি হৈছে । এনে এটা টি-ছাৰ্টৰ দাম দুশ টকা । আনহাতে, মোদীৰ নামত এবিধ 250 টকা দামৰ ৱালক্লকো বজাৰত উপলব্ধ হৈছে । একেদৰে ‘নমো’ লিখা টুপী, বেলুন আদিও বজাৰত মুকলি হৈছে । কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক , নিৰ্ব্বাচন উপলক্ষে মুকলি কৰা এনেবোৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে ।

Exit mobile version