দিল্লীৰ আখতাৰ ৰোডৰ ব্যৱসায়ী জিৎ ৰামে বিগত দুই দশক ধৰি কংগ্ৰেছৰ মোহৰ লগোৱা সাজ-পোছাক বা পতাকা আদিৰ ব্যৱসায়ী কৰি আহিছে । দলৰ মুখ্য কাৰ্যালয়ৰ ওচৰতে জিৎ ৰামৰ বিপণী আছে। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ দল নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ নাম-ছবি অংকিত শাড়ী বিক্ৰী কৰিছে । লোকসভা নিৰ্ব্বাচন আৰম্ভ হবলৈ কিছুদিন বাকী থকা অৱস্থাত প্ৰিয়ংকাৰ শাড়ীৰ চাহিদা বৃদ্ধি পাইছে । তদুপৰি জিৎ ৰামৰ বিপণীত গাড়ীত লগোৱা পতাকা, ষ্টিকাৰ আদিও পোৱা যায় । স্বাভাৱিকতে নিৰ্ব্বাচনৰ দিন ওচৰ চাপি অহাত প্ৰিয়ংকাৰ শাড়ীৰ চাহিদা পূৰ্বতকৈ বৃদ্ধি পাইছে । এনে একোখন শাড়ীৰ দাম সাতশ টকা। কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা বা কৰ্মীয়ে এনে শাড়ী ক্ৰয় কৰিবলৈ উথপথপ লগাইছে । একে কথাই খাটে বিজেপিৰ ক্ষেত্ৰতো । ‘নমো’ বুলি লিখা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছবি অংকিত টুপী বজাৰত মুকলি হৈছে । দলৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলে এনে টুপী ক্ৰয় কৰিবলৈ হেতা ওপৰা কৰিবলৈ লৈছে । তদুপৰি ‘মে ভী চৌকিদাৰ’ টি-ছাৰ্টো বজাৰত মুকলি হৈছে । এনে এটা টি-ছাৰ্টৰ দাম দুশ টকা । আনহাতে, মোদীৰ নামত এবিধ 250 টকা দামৰ ৱালক্লকো বজাৰত উপলব্ধ হৈছে । একেদৰে ‘নমো’ লিখা টুপী, বেলুন আদিও বজাৰত মুকলি হৈছে । কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক , নিৰ্ব্বাচন উপলক্ষে মুকলি কৰা এনেবোৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে ।
প্ৰিয়ংকাৰ শাড়ীৰ পৰা নমো টুপীলৈ ভোটাৰৰ মন আকৰ্ষণৰ ভিন্ন কৌশল কংগ্ৰেছ-বিজেপিৰ
-
By publisher

- Categories: Loksabha Election, News
- Tags: BJPChowkidar Narendra ModiCongressLoksabha ElectionNarendra ModiPriyanka Gandhi
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026