অহা ২৩ এপ্ৰিলত অসমত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্ব্বাচনৰ ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। আজি বিয়লি মনোনয়ন দাখিলৰ সময়সীমা উকলি যায় । সমষ্টিকেইটাৰ ভিতৰত সৰ্বাধিক ১৯ গৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে। আনহাতে ধুবুৰীত ১৭ গৰাকী, কোকৰাঝাৰত ১২ গৰাকী আৰু বৰপেটাত ১৪গৰাকী প্ৰাৰ্থীয়ে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন জমা দিয়ে। আজি অন্তিম দিনটোতো সমষ্টিকেইটাত কে’বাজনে মনোনয়ন দাখিল কৰে। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন অহা আঠ এপ্ৰিল । উল্লেখ্য যে মনোনয়ন দাখিলৰ পূৰ্বৰে পৰা সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অধিকাংশ প্ৰাৰ্থীয়ে নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল । সম্প্ৰতি এনে প্ৰচাৰ তুংগত উঠিছে । সমষ্টিকেইটাত থকা একাংশ উল্লেখযোগ্য প্ৰাৰ্থী হ’ল ধুবুৰীত বদৰুদ্দিন আজমল(এ আই ইউ ডি এফ), জাভেদ ইছলাম (অগপ), আবু তাহেৰ বেপাৰী (কংগ্ৰেছ ),কোকৰাঝাৰত প্ৰমিলাৰাণী ব্ৰহ্ম( বি পি এফ), নৱ কুমাৰ শৰণীয়া (নিৰ্দলীয় ), শব্দ ৰাম ৰাভা (কংগ্ৰেছ ), উৰ্খাও গৌৰা ব্ৰহ্ম(ইউ পি পি এল), বিৰাজ ডেকা (চি পি এম), বৰপেটাত ৰফিকুল ইছলাম(এ আই ইউ ডি এফ), কুমাৰ দীপক দাস (অগপ), আব্দুল খালেক (কংগ্ৰেছ ), চিত্ৰলেখা দাস(এছ ইউ চি আই), প্ৰণৱজ্যোতি দাস ৰাজবংশী (এন পি পি), আৰু গুৱাহাটীত ববীতা শৰ্মা (কংগ্ৰেছ ), কুইন ওজা (বিজেপি),উপমুন্য হাজৰিকা (নিৰ্দলীয় )আৰু জোনমণি দেৱী খাউণ্ড (নিৰ্দলীয় )।
তৃতীয় পৰ্যায়ৰ নিৰ্ব্বাচনৰ বাবে ৫২ প্ৰাৰ্থীৰ মনোনয়ন
-
By publisher

- Categories: Loksabha Election, News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026