যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ প্ৰচাৰ সভাত নিৰ্ব্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উঠিছে । এই অভিযোগতে বিজেপি প্ৰাৰ্থীজনে আজি পশ্চিম টীয়কত নিৰ্ব্বাচনী সভাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। চৰকাৰী কাৰ্যালয়ৰ ভূমিত নিৰ্ব্বাচনী সভাৰ আয়োজন কৰাৰ বাবেই নিৰ্ব্বাচনী বিষয়াই বাধা প্ৰদান কৰিছিল । দলীয় এক সূত্ৰই জনোৱা মতে , পশ্চিম টীয়ক গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগনত বিজেপিৰ এক নিৰ্ব্বাচনী কাৰ্যালয় স্হাপন কৰা হয়। উক্ত অস্হায়ী কাৰ্যালয়তে প্ৰাৰ্থী গগৈয়ে আজি এখন নিৰ্ব্বাচনী সভাত অংশ লোৱাৰ কথা আছিল । কিন্তু নিৰ্ব্বাচনী বিষয়াই চৰকাৰী কাৰ্যালয়ৰ ভূমিত নিৰ্ব্বাচনী কাৰ্যালয় স্হাপন কৰাত বাধা প্ৰদান কৰে। ফলত বিজেপিয়ে উক্ত কাৰ্যালয় বন্ধ কৰিবলৈ বাধ্য হয় ।
পশ্চিম টীয়কত নিৰ্ব্বাচনী আচৰণ বিধি ভংগ : সভা পাতিবলৈ নিদিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক
-
By publisher

- Categories: Loksabha Election, News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026