পশ্চিম টীয়কত নিৰ্ব্বাচনী আচৰণ বিধি ভংগ : সভা পাতিবলৈ নিদিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক

ccc

যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ প্ৰচাৰ সভাত নিৰ্ব্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উঠিছে । এই অভিযোগতে বিজেপি প্ৰাৰ্থীজনে আজি পশ্চিম টীয়কত নিৰ্ব্বাচনী সভাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। চৰকাৰী কাৰ্যালয়ৰ ভূমিত নিৰ্ব্বাচনী সভাৰ আয়োজন কৰাৰ বাবেই নিৰ্ব্বাচনী বিষয়াই বাধা প্ৰদান কৰিছিল । দলীয় এক সূত্ৰই জনোৱা মতে , পশ্চিম টীয়ক গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগনত বিজেপিৰ এক নিৰ্ব্বাচনী কাৰ্যালয় স্হাপন কৰা হয়। উক্ত অস্হায়ী কাৰ্যালয়তে প্ৰাৰ্থী গগৈয়ে আজি এখন নিৰ্ব্বাচনী সভাত অংশ লোৱাৰ কথা আছিল । কিন্তু নিৰ্ব্বাচনী বিষয়াই চৰকাৰী কাৰ্যালয়ৰ ভূমিত নিৰ্ব্বাচনী কাৰ্যালয় স্হাপন কৰাত বাধা প্ৰদান কৰে। ফলত বিজেপিয়ে উক্ত কাৰ্যালয় বন্ধ কৰিবলৈ বাধ্য হয় ।

Exit mobile version