বঙাইগাঁও: বঙাইগাঁৱত ক্ৰমাৎ বৃদ্ধি পাই আহিছে অপৰাধজনিত ঘটনা ৷ সদৰ চহৰখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হৈ আহিছে ঠগ, প্ৰব়ঞ্চনা, বাইক চোৰ, চুৰি কাৰ্য আদিৰ ঘটনা ৷ আন আন দিনাৰ দৰে আজিও (বৃহস্পতিবাৰে) সদৰ চহৰখনৰ নৰ্থ বঙাইগাঁৱত সংঘটিত হয় এক ধন কাঢ়ি নিয়াৰ ঘটনা ৷ এইবাৰ খোদ আৰক্ষীৰ সন্মুখৰ পৰাই আজি বিয়লি বাইকত অহা দুটা চিলনী চোৰে মহিলা এগৰাকীৰ পৰা থাপ মাৰি কাঢ়ি লৈ যায় তিনি লাখ টকা ৷ ভূক্তভোগী পাৰ্বতি ৰায় নামৰ মহিলা গৰাকীয়ে জানিবলৈ দিয়ামতে নৰ্থ বঙাইগাঁৱৰ কানাড়া বেংকৰ পৰা তিনিলাখ টকা উলিয়াই তেঁও ৰাজপথত উঠাৰ লগে লগে বাইকত অহা দুই চিলনী চোৰে টকাৰ বেগটো কাঢ়ি লৈ তীব্ৰ গতিত পলায়ন কৰে ৷ মহিলা গৰাকীয়ে আৰু জানিব দিয়ামতে কৰ্তব্যৰত যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ সন্মুখতে এই ঘটনা সংঘটিত হয় ৷ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও সদৰ চহৰখনত ৷ ডাংতল শিমলাগুৰীৰ ভূক্তভোগী মহিলা গৰাকীয়ে ঘটনাৰ পাছত উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত এক এজাহাৰ দাখিল কৰিছে ৷
বঙাইগাঁৱত চিলনী চোৰৰ দৌৰাত্ম:দিন দুপৰতে মহিলাৰ পৰা কাঢ়ি নিলে তিনি লাখ টকা
-
By publisher
- Categories: Crime, News
- Tags: Assam Police
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026