ৰাজ্যত সম্প্ৰতি অব্যাহত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ দাবী আৰু আপত্তিৰ শুনানি অহা ১০ৰ পৰা ২৪ এপ্ৰিললৈ বন্ধ থাকিব । এন আৰ চি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আজি সকলো জিলাৰ উপায়ুক্তলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰে। নিৰ্ব্বাচনৰ পৰিপ্ৰেক্ষিতত এন আৰ চি কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি শুনানি অনুষ্ঠিত নহ’লেও এন আৰ চিৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলে উক্ত সময়ছোৱাত শুনানি সম্পৰ্কীয় অন্যান্য কাম-কাজ আগবঢ়াব লাগিব । ইপিনে, এই দিনকেইটাতে শুনানিৰ সময়ত যিসকল লোকৰ বায়’মেট্ৰিক এনৰোলমেণ্ট সংগ্ৰহ কৰিব পৰা নগ’ল তেওঁলোকৰ পৰা সেয়া সংগ্ৰহ কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে । উল্লেখ্য যে দাবী আৰু আপত্তি শুনানিৰ সময়ত বায়’মেট্ৰিক এনৰোলমেণ্ট সংগ্ৰহ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল । কিন্তু এন আৰ চি কৰ্তৃপক্ষই এই ক্ষেত্ৰত প্ৰথম অৱস্হাত বিফল হয় । যাৰ বাবে প্ৰথমতে শুনানিলৈ অহা বহু লোকৰ এনে তথ্য সংগ্ৰহ নহ’ল। সেয়েহে তেনে লোকসকলৰ উক্ত তথ্য শুনানি বন্ধ থাকিবলগীয়া দিনকেইটাত সংগ্ৰহৰ নিৰ্দেশ দিয়া হৈছে ।
১০ৰ পৰা ২৪ এপ্ৰিললৈ এন আৰ চিৰ শুনানি বন্ধ থাকিব
-
By publisher
- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026