বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৫ শ্রমিক চিকিৎসাধীন

যোৰহাট: বিষাক্ত কাঠফুলা সেৱন কৰি ৫জন শ্ৰমিক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হব লগা সৃষ্টি কৰিছে৷ মৰিয়নিৰ মুৰমুৰিয়াত নিৰ্মীয়মান ৰাস্তাৰ শ্ৰমিক ৰূপে কৰ্মৰত শ্ৰমিক কেইজনে কালি কাঠফুলা ভক্ষণ কৰে আৰু বিষক্রিয়া হৈ চিকিৎসাধীন হব লগা হয়। শ্ৰমিক কেইজনে হৈছে শিৱসাগৰ জিলাৰ থাওৰাৰ বিশ্বনাথ নায়ক, বিপুল চাওৰা, মন্টু ৰাজগঁড়, সঞ্জীব নায়ক আৰু ন ন মাঝি। সাম্প্ৰতিক আটাইকেজন বিপদ মুক্ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।

Exit mobile version