মঙলদৈ : প্ৰায় ৭০ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দ্বাৰা নিৰ্মিত আৰু যোৱা বছৰৰ জুলাইত কাৰ্যক্ষম হোৱা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ এশ বিচনাযুক্ত প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয় খনৰ প্ৰথম দুটা মহলাত বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পানী পকী চাদৰ মাজেৰে পৰি চিকিৎসালয় খনত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। সদা ব্যস্ত চিকিৎসালয়ৰ ৰোগী, কৰ্তব্যৰত চিকিৎসক, চিকিৎসা কৰ্মী আদিৰ মাজত যথেষ্ট আহুকালৰ সৃষ্টি হয়। চিকিৎসালয় খনৰ প্ৰথম মহলাত অৱস্থিত প্ৰসৱ কক্ষৰ সন্মুখত আৰু তেনেকৈ দ্বিতীয় মহলাৰ নৱজাতক শিশুৰ কক্ষৰ সন্মুখত চাদৰ পৰা সৰকা পানীৰে চিকিৎসালয় খনৰ মজিয়া বুৰাই পেলায়। কৰ্তব্যৰত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে ভৰিৰ পতা ডুব যোৱা পানীৰ মাজেৰেই বিপদ সংকুল ভাৱে দায়িত্ব পালন কৰিব লগীয়া হয়। ইফালে নিৰ্মাণত ৰৈ যোৱা গুৰুতৰ কাৰিকৰী বিসংগতিৰ ফলত সৃষ্টি হোৱা এই অপ্ৰত্যাশিত পৰিস্থিতি সন্দৰ্ভত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডা০ গোপীনাথ বৰাক যোগাযোগ কৰাত তেওঁ জনোৱা মতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এজন কনিষ্ঠ অভিযন্তাই আজি চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰে আৰু দ্বিতীয় মহলাৰ পৰা বৰষুণৰ পানী নিষ্কাশন হোৱা পাইপ দাল বন্ধ হৈ পৰাৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জনায়। ইতিমধ্যে অতিৰিক্ত পানী জমা হোৱা পানী নিষ্কাশন কৰা বন্ধ বিন্ধা মোকোলাই পানী খিনি নিষ্কাশনৰ ব্যৱস্থা কৰা বুলি জনায়। অৱশ্যে অভিযন্তা জনৰ এই যুক্তি কিমান গ্ৰহণযোগ্য সেয়া আগন্তুক বাৰিষাৰ দিনবোৰত প্ৰমাণিত হব বুলি চিকিৎসালয় খনৰ অধীক্ষক গৰাকীয়ে লগতে প্ৰকাশ কৰে। এই খিনিতে উল্লেখৰ প্ৰয়োজন যে তিনি মহলীয়া ভৱনটোৰ নিৰ্মাণত ৰৈ যোৱা গুৰুতৰ কাৰিকৰী বিসংগতিৰ বাবে যোৱা ১০ জুলাইত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই উদ্বোধন কৰাৰ কেইদিনমান পিছতে এজাক বৰষুণতে গোটেই চিকিৎসালয় খন জলমগ্ন হৈ গৈছিল। যাৰ ফলত চিকিৎসালয়খনৰ কাম কাজ সঠিক ভাৱে আৰম্ভই কৰিব পৰা নগৈছিল। অৱশ্যে প্লাই বৰ্ডেৰে পাল মাৰি ঢাকি থোৱা দুটা বিল্ডিঙৰ সংযোগকাৰী স্থান পকীকৰণ কৰোৱাই চিকিৎসালয় খনৰ কাম কাজ আৰম্ভ হয়। আনহাতে নিৰ্মাণত ৰৈ যোৱা কাৰিকৰী বিসংগতিৰ বাবে শৌচালয়ৰ পানী ওফন্দি কাষতে থকা নৱজাতক শিশুৰ যতন কক্ষত সোমাই এক অস্বাস্থ্যকৰ, দুৰ্গন্ধময় পৰিবেশ সৃষ্টি হোৱাৰো পূৰ্বৰ উদাহৰণ আছে নৱ নিৰ্মিত চিকিৎসালয়খনত। তিনিটা পৃথক টয়লেট ব্লক আৰু বহু কেইটা অন্তঃদ্বাৰ ৰোগী কক্ষ, কেবিন ইত্যাদিত প্ৰায় পঞ্চাশ টা শৌচালয় যুক্ত চিকিৎসালয়খনত মাত্ৰ এটা চেপ্টিক টেংক নিৰ্মাণ কৰিয়েই ঠিকাদাৰে দায়িত্ব সামৰাৰ পিছত উদ্ভৱ হোৱা গুৰুতৰ সমস্যাৰ পৰা সকাহ পাবলৈ চিকিৎসালয় কৰ্তৃপক্ষই নিজাকৈ আন এটা চেপ্টিক টেংক নিৰ্মাণ কৰিব লগীয়া হয়। ইয়াৰোপৰি নিৰ্মাণত ৰৈ যোৱা কাৰিকৰী বিসংগতিৰ বাবে তৃতীয় তথা শীৰ্ষ মহলাৰ টিনপাতৰ তলৰ বহ সংখ্যক এচবেচটচ্ চিলিং বৰ্তমান এৰাই যোৱা পৰিলক্ষিত হৈছে।
মঙলদৈৰ এশ বিচনাযুক্ত প্ৰসূতি-শিশু চিকিৎসালয়ৰ চাঁদত ফাঁট জলমগ্ন হোৱাত হাহাঁকাৰ ৰোগী-চিকিৎসাকৰ্মীৰ
-
By publisher
- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026