এইবাৰ কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰকট হৈছে । চাৰিটা সংস্হাৰ প্ৰাক্ নিৰ্ব্বাচনী সমীক্ষা অনুসৰি এন ডি এই এইবাৰো চৰকাৰ গঠন কৰাটো নিশ্চিত । বিজেপিয়ে এককভাৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’লেও এন ডি এই চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি এই সমীক্ষাসমূহত কোৱা হৈছে । মূলত: পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু তাৰ পাছত ভাৰতীয় বায়ুসেনাই পাকিস্তানত কৰা ছাৰ্জিকেল ষ্টাইকৰ বাবে শাসনলৈ এন ডি এইৰ প্ৰত্যাৱৰ্তন ঘটিব বুলি সমীক্ষাকেইটাত আঙুলিয়াই দিয়া হৈছে । লক্ষ্যণীয়ভাৱে কংগ্ৰেছ তথা বিৰোধীয়ে চাকৰি-কৰ্মসংস্থাপন আৰু কৃষকক উচিত ফচলৰ উচিত মূল্য প্ৰদানক ইছ্যুৰূপে লৈছে যদিও দেশবাসীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা বিষয়টোক অধিক গুৰুত্ব দি বিজেপি তথা এন ডি এৰ প্ৰাৰ্থীকে ভোট দিব বুলি এই সমীক্ষাসমূহত উল্লেখ কৰা হৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্ব্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত চি-ভোটাৰ, ইণ্ডিয়া টিভি-চি এন এক্স, চি এছ ডি এছ-লোকনীতি আৰু টাইমছ নাও-ভি এম আৰ এই চাৰিটা সংস্হাৰ প্ৰাক্ নিৰ্ব্বাচনী সমীক্ষা প্ৰকাশ পাইছে । ইয়াৰে চি-ভোটাৰৰ সমীক্ষাটোত কোৱা হৈছে যে এইবাৰ এন ডি এ 267 খন আসন লাভ কৰা বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এই 142 আৰু অন্যান্য দলে 134 খন আসনত জয়লাভ কৰিব । আনহাতে, ইণ্ডিয়া টিভি-চি এন এক্সৰ মতে , এন ডি এই 275, ইউ পি এই 147 আৰু অন্যান্য দলে 121 টা সমষ্টিত জয়লাভ কৰিব । চি এছ ডি এছ-লোকনীতিৰ সমীক্ষাত কোৱা হৈছে যে এন ডি এই 263 ৰ পৰা 283 , ইউ পি এই 115 ৰ পৰা 135 আৰু অন্যান্য দলে 130 ৰ পৰা 160 খন আসন লাভ কৰিব । ইপিনে, টাইমছ নাও-ভি এম আৰৰ মতে , এন ডি এই 279, ইউ পি এই 149 আৰু অন্যান্য দলে 129 টা সমষ্টিত জয়লাভ কৰিব ।
চাকৰি-ফচলৰ মূল্যতকৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ গুৰুত্ব
-
By publisher

- Categories: Loksabha Election, News
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026