স্বাধীনতাৰ ৭৫বছৰত পূৰণ কৰিব ৭৫ টা প্ৰতিশ্ৰুতি

♦বিজেপিৰ নিৰ্ব্বাচনী ইস্তাহাৰ ‘সংকল্পপত্ৰ’

বিজেপিয়ে দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি অৰ্থাৎ ২০২২ৰ ভিতৰত ৭৫টা প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস দিছে  দলৰ নিৰ্ব্বাচনী ইস্তাহাৰ ‘ সংকল্প পত্ৰ ‘ ত।  ‘ সংকল্পিত ভাৰত, সশক্ত ভাৰত’ শীৰ্ষক ধ্বনিৰে মুকলি কৰা দলৰ এই নিৰ্ব্বাচনী ইস্তাহাৰত দলে পুনৰ ক্ষমতা লাভ কৰিলে বিতৰ্কিত সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্পষ্ট প্ৰতিশ্ৰুতি দিছে। অৱশ্যে উত্তৰ-পূবৰ ভাষা-সংস্কৃতি ব্যৱস্হা কৰিহে বিধেয়কখন দলে গৃহীত কৰাব বুলি আশ্বাস দিছে । ইয়াৰ লগতে কৃষকৰ কল্যাণ সাধন, জম্মু-কাশ্মিৰে ভোগ কৰি থকা বিশেষ অধিকাৰ কৰ্তন আদি প্ৰতিশ্ৰুতিও দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দলৰ এই ইস্তাহাৰে ,’ এক অভিযান, এক দিশ'( ৱান মিছন ৱান ডিৰেকচন)ৰ কথা কৈছে । ইয়াৰ স’তে ২০১৪ ৰ নিৰ্ব্বাচনৰ ‘ সবকা সাথ সবকা বিকাশ ‘ৰ সাদৃশ্য আছে বুলি দোহাৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,’ সুকীয়া সুকীয়া ভাষা আৰু সংস্কৃতিৰে ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। গতিকে আমি উন্নয়নমূলক কাম-কাজ বহুতৰপীয়া কৰিব বিছাৰিছো।’ বিজেপিয়ে এইবাৰ দলৰ ইস্তাহাৰ বহুমাত্ৰিক কৰা চেষ্টা কৰিছে বুলিও তেওঁ দোহাৰে।

Exit mobile version