প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধান সভা সমষ্টিৰ মুঠ ১৮৮ টা ভোট কেন্দ্ৰতে পুৱাৰে পৰা ৰাইজে শাৰী পাতি নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । ইয়াৰ মাজতে টিংখাঙৰ দিৰৈবাম চাহ বাগিচাৰ ৫ নং ৱাৰ্ডত দেখা গল আন এক দৃশ্য । ৱাৰ্ডটোৰ প্ৰায় ৪০০ ভোটাৰে ভোটদানৰ বিপৰীতে হাতে হাতে প্লে- কাৰ্ড লৈ প্ৰতিবাদত নামি পৰে । তেওঁলোকে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত লয় । বাগিচাখনৰ এটা পুৰণি ভোট কেন্দ্ৰ ৫ নং ৱাৰ্ডৰ দিৰৈবাম মজদুৰ ক্লাবত স্থানীয় ভোটাৰসকলে পূৰ্বৰে পৰা ভোটদান সাব্যস্ত কৰি আহিছিল । কিন্তু এইবাৰ ভোটকেন্দ্ৰৰ স্থান সলনি কৰি প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ কেঞাপথাৰ নিম্ন প্ৰাথমিক বিদ্যালয়লৈ স্হানান্তৰ কৰে । ফলত ভোটাৰসকল পূৰ্বৰ ভোটকেন্দ্ৰত উপস্থিত ক্ষোভিত হৈ উঠে । বাগিচাখনৰ প্ৰায় ৪০০ ভোটাৰে নতুনকৈ ঠিক কৰি দিয়া কেন্দ্ৰটোলৈ ভোটদান কৰিবলৈ যোৱাৰ পৰা বিৰত থাকে । ক্ষোভিত চাহ শ্ৰমিক ভোটাৰসকলে পূৰ্বৰ ভোটকেন্দ্ৰ ঘুৰাই লাগে বুলি প্ৰতিবাদত নামি পৰে ।
টিংখাঙৰ দিৰৈবাম চাহ বাগিচাত ৰাইজৰ ভোট বৰ্জন
-
By publisher

- Categories: Loksabha Election, News
- Tags: Loksabha Election
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026