একটকীয়া চাউল পঞ্চাশ পইচাত দিম

1555531272343 20190417 163533

বিপিএফৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰ

অসম চৰকাৰে নতুনকৈ বিয়া হোৱা ছোৱালীক এতোলা সোণ দিব বুলি কৈছে ৷ কিন্তু আমি দুতোলা সোণ দিয়াৰ বাবে আলোচনা কৰিম ৷ লগতে একটকীয়া চাউল পঞ্চাশ পইচাত দিম ৷ এইদৰে আজি বাকসা  জিলাৰ সূৱণখাটা আৰু অদালবাৰীত   বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ  দুখন  নিৰ্বাচনী সভাত বক্তব্য প্ৰদান কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ সভাত স্বভাৱসুলভ ভাষন প্ৰদান কৰি মহিলাৰীয়ে চৰকাৰী আঁচনিসমুহৰ ব্যাখ্যা কৰিবলৈ গৈ কয় যে চৰকাৰে প্ৰদান কৰা আঁচনিসমুহ গ্ৰহন কৰিব লাগে ৷ আমাৰ মুছলমান ভাই সকলে বিশেষ সুবিধা গ্ৰহন কৰিব পাৰে ৷ কাৰণ একাংশ মুছলমান লোকে দুই তিনিটাকৈ বিয়া পাতি দুই তিনি তোলা সোণ লাভ কৰিব পাৰে ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক নাঙলৰ ছবিত ভোট দিবলৈ আহ্বান জনায় কয় যে এৱছু আৰু এন ডি এফ বিৰ কোনো কাম নাই ৷ কাৰণ বিটিচিৰ উন্নয়নৰ বাবে একো কৰিব পৰা নাই ৷ এৱছুক বডোলেণ্ডৰ বাবে আন্দোলন কৰিবলৈহে সাংসদ লাগে ৷ বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে নালাগে ৷ গতিকে এনে দলৰ প্ৰাৰ্থীক পৰিত্যাগ কৰিব লাগে ৷ সভাত মহিলাৰীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি উল্লেখ কৰি কয় যে জনজাতিকৰণক লৈ এৱছুৱে বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে ৷ তেওঁ কয় ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে পূৰ্ৱৰ জনজাতিসকলৰ একো ক্ষতি নহব ৷ সেইদৰে মহিলাৰীয়ে বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ বাবে অটোনোমাছ কাউন্সিল গঠন কৰিবলৈ চৰকাৰক দাবী জনাব বুলি কয় ৷  সভাখনত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে বৰ্তমান সাংসদ নৱ কুমাৰ শৰণীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এতিয়া বিটিএডিত বড়ো -অবড়োৰ ৰাজনীতি নচলে ৷ বিগত পাঁচ বছৰে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ সমষ্টিৰ কোনো উন্নয়ন কৰিব নোৱাৰিলে ৷ তাৰ বিপৰীতে কেৱল মাত্ৰ বড়ো -অবড়োৰ মাজত বিভাজনৰ ৰাজনীতি কৰিলে ৷ তেওঁ নিজে এগৰাকী আলফা সদস্য হৈও আলফা সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহন নকৰিলে ৷  হাগ্ৰামা মহিলাৰীয়ে বি এল টিৰ পৰা আলোচনাৰ মাধ্যমেৰে বিটিচি চুক্তি সম্পাদন কৰি এটা অঞ্চলৰ উন্নয়ন সাধনত ব্ৰতী হৈছে ৷ তেওঁ কয় সাংসদ হিচাপে নৱ কুমাৰ শৰণীয়াই এটা এল পি স্কুল বনাবলৈ সক্ষম হৈছেনে ?  সভাত ভাষন দি বিশ্বজিৎ দৈমাৰীয়ে কয় যে নৱ কুমাৰ শৰণীয়াই বিটিচিত অবৈধ অস্ত্ৰ থকা বুলি অভিযোগ কৰে কিন্তু তেওঁ নিজে অস্ত্ৰ সম্বৰণ নকৰাকৈ সাংসদ হৈছে ৷ তেওঁৰ হাততে এতিয়াও অবৈধ অস্ত্ৰ আছে ৷ বিশ্বজিত দৈমাৰীয়ে এৱছুকো তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাজপথত নৃত্য -গীত গাই আন্দোলন কৰি লাভ নাই ৷ ৰাজপথত নৃত্য -গীত কৰিলে বডোলেণ্ড নাপায় ৷ তেওঁ কয় এন ডি এফ বি প্ৰগতিশীলে বিগত বাৰ বছৰে যুদ্ধ বিৰতিত থাকি বিটিচিৰ হৈ কি কাম কৰিলে ৷ আজিলৈকে একো কাম কৰিব পৰা নাই ৷ গতিকে এনে গল -সংগঠনৰ কোনো কাম নাই ৷ বিপিএফ দলেহে বিটিচিৰ উন্নয়ন কৰিব পাৰে ৷

Exit mobile version