ৰাজগড়: সমগ্ৰ ৰাজ্যতে এতিয়া হেঁপাহৰ ৰঙালীৰ পাৰভঙা উছাহ-উদ্দীপনা । ঢোল-পেপাৰ মাতত মুখৰিত হৈ পৰিছে চৌদিশ। গৃহস্থৰ চোতালে-চোতালে পদধুলা পৰিছে হুঁচৰিৰ । কনমানিৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু সকলো মতলীয়া বিহুৰ আনন্দত । পিছপৰি ৰোৱা নাই সোণোৱাল কছাৰী জনজাতি সকলো । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় সমীপৰ নতুন শলগুৰি অঞ্চলৰ সোণোৱালকছাৰী সকলে উৎসাহ,উদ্দীপনাৰে স্বকীয় জাতীয় উৎসৱ ৰঙালী বিহু উদযাপন কৰিছে। গাঁওখনত এতিয়া ৰঙালী বিহুৰ উখল মাখল পৰিবেশ । আহোম ৰজা ৰাজেশ্বৰ সিংহই ৰংঘৰৰ বাকৰিত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীক সামৰি ব’হাগ মাহৰ প্ৰথম দিনত অনুষ্ঠিত কৰা বিহু অনুষ্ঠানৰ সময়ৰে পৰাই সোণোৱাল জনগোষ্ঠীৰ মাজতো ব’হাগৰ প্ৰথম দিনৰ পৰাই সপ্তাহজোৰাকৈ ব’হাগ বিহু পালন কৰা পৰম্পৰা প্ৰচলিত । ব’হাগ বিহুত গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ চোতালত হাইদাং বিহু হুঁচৰি গাই সোণোৱাল সকলে নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে । সোনোৱাল কছাৰী গাভৰু সকলো ইয়াৰ ব্যতিক্ৰম নহয় । সোনোৱাল কছাৰী গাভৰুসকলে পৰিবেশন কৰিছে লেচেৰী নৃত্য । বিহু অহাৰ লগে লগে সোনোৱাল গাভৰু সকলে পৰম্পৰাগত ভাৱে এই নাচ পৰিবেশন কৰে । গাভৰুসকলে মূৰত সোনোৱাল গামোছাৰ টকয়া, বুকুত মেথনি মাৰি জাতীয় সাজ পাৰ পৰিধান কৰি এই নৃত্য পৰিবেশনৰে সকলোকে আপ্লুত কৰি তুলিছে ।
টিংখাঙত গৃহস্থৰ চোতালে-চোতালে সোণোৱাল কছাৰী সকলৰ হাইডাঙ হুঁচৰি
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026