বৰপেটা: অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷সেইদিনা ভোট গ্ৰহণৰ বাবে দূৰণীবটীয়া ১৪০ ভোট গ্ৰহণ কেন্দ্ৰলৈ দুদিন পূৰ্বেই অৰ্থাৎ ২১ এপ্ৰিলৰ দিনা নিৰ্বাচনী বিষয়া- কৰ্মচাৰীৰ দল ই ভি এম আৰু ভিভিপেট মেচিন সহ ৰাওনা হ’ব ৷ আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অায়োজিত এখন সংবাদমেলত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে বাকী থকা ১২১২ টা কেন্দ্ৰৰ বাবে বিষয়া- কৰ্মচাৰীৰ দল ২২ এপ্ৰিলৰ দিনা ৰাওনা হ’ব ৷ ভোট গ্ৰহণত ব্যৱহৃত ইলেকট্ৰনিক ভোটিং মেচিনসমুহ সুৰক্ষিত ৰূপত ৰখাৰ বাবে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ৭টা ষ্ট্ৰংৰূম স্থাপন কৰা হৈছে ৷ প্ৰতিটো ষ্ট্ৰং ৰূমৰ দায়িত্ব একোজনকৈ দায়িত্বশীল বিষয়াৰ ওপৰত ন্যস্ত কৰা হৈছে ৷উপায়ুক্ত গৰাকীয়ে জনোৱা মতে নিৰ্বাচন সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ লগতে ভোটদানৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰাৰ বাবেও ভালেমান ব্যৱস্থা হাতত লোৱা হৈছে ৷জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ প্ৰতিটোতে দুটাকৈ অাদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াত প্ৰথম ভোটদান কৰা ব্যক্তিজনক প্ৰশাসনৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদ মেলত সদৰি কৰে ৷ লগতে তেওঁ জনোৱা মতে জিলাখনৰ বিশেষভাবে সক্ষম ভোটাৰ সকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ অনা নিয়াৰ বাবেও ব্যৱস্থা হাতত লোৱা হৈছে ৷ ইতিমধ্যে নিৰ্বাচনী জিলাখনত ১১৯১ জন বিশেষভাবে সক্ষম ভোটাৰ চিনাক্ত কৰা হৈছে ৷
বৰপেটাৰ ১২ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰথম ভোটদাতাক গামোচাৰে আদৰিব প্ৰশাসনে
-
By publisher

- Categories: Loksabha Election, News
- Tags: AssamCEO Assam
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025