বৰপেটা: অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷সেইদিনা ভোট গ্ৰহণৰ বাবে দূৰণীবটীয়া ১৪০ ভোট গ্ৰহণ কেন্দ্ৰলৈ দুদিন পূৰ্বেই অৰ্থাৎ ২১ এপ্ৰিলৰ দিনা নিৰ্বাচনী বিষয়া- কৰ্মচাৰীৰ দল ই ভি এম আৰু ভিভিপেট মেচিন সহ ৰাওনা হ’ব ৷ আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অায়োজিত এখন সংবাদমেলত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে বাকী থকা ১২১২ টা কেন্দ্ৰৰ বাবে বিষয়া- কৰ্মচাৰীৰ দল ২২ এপ্ৰিলৰ দিনা ৰাওনা হ’ব ৷ ভোট গ্ৰহণত ব্যৱহৃত ইলেকট্ৰনিক ভোটিং মেচিনসমুহ সুৰক্ষিত ৰূপত ৰখাৰ বাবে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ৭টা ষ্ট্ৰংৰূম স্থাপন কৰা হৈছে ৷ প্ৰতিটো ষ্ট্ৰং ৰূমৰ দায়িত্ব একোজনকৈ দায়িত্বশীল বিষয়াৰ ওপৰত ন্যস্ত কৰা হৈছে ৷উপায়ুক্ত গৰাকীয়ে জনোৱা মতে নিৰ্বাচন সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ লগতে ভোটদানৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰাৰ বাবেও ভালেমান ব্যৱস্থা হাতত লোৱা হৈছে ৷জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ প্ৰতিটোতে দুটাকৈ অাদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াত প্ৰথম ভোটদান কৰা ব্যক্তিজনক প্ৰশাসনৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদ মেলত সদৰি কৰে ৷ লগতে তেওঁ জনোৱা মতে জিলাখনৰ বিশেষভাবে সক্ষম ভোটাৰ সকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ অনা নিয়াৰ বাবেও ব্যৱস্থা হাতত লোৱা হৈছে ৷ ইতিমধ্যে নিৰ্বাচনী জিলাখনত ১১৯১ জন বিশেষভাবে সক্ষম ভোটাৰ চিনাক্ত কৰা হৈছে ৷
বৰপেটাৰ ১২ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰথম ভোটদাতাক গামোচাৰে আদৰিব প্ৰশাসনে
-
By publisher

- Categories: Loksabha Election, News
- Tags: AssamCEO Assam
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026