নগাঁও:হোজাই জিলাৰ লংকাৰ নখুটিত আজি সংঘটিত হয় এক গুলীচালনাৰ ঘটনা ৷ এই গুলীচালনাৰ ঘটণাত এজন কিশোৰ গুলীবিদ্ধ হয়। ঘটণাটো সংঘটিত হৈছে লংকাৰ নখুঁটিৰ ছাৰ্থে গাঁৱত। আজি সন্ধিয়া গৰু বিচাৰিবলৈ যোৱা কলিম উদ্দিন নামৰ এজন নৱমমান শ্ৰেণীৰ ছাত্ৰক ৪-৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে বন্দুকৰে বুকুত গুলীয়াই আহত কৰে। পৰবৰ্তী সময়ত আহত কিশোৰজনে সেই স্থানৰ পৰা কোনোমতে পলাই আহিবলৈ সক্ষম হয়। পাছত পৰিয়ালৰ লোকে আহত কিশোৰজনক ততাতয়াকৈ লংকা খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসালয় কৰ্তৃপক্ষই কিশোৰজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। কিশোৰজনে দুৰ্বৃত্তৰ দলৰ একাংশক ইতিমধ্যে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। পাৰিবাৰিক কন্দলৰ পোতক তুলিবলৈ এই ঘটনা সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । সম্প্ৰতি কিশোৰজনক নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত স্হানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লংকাৰ নখুঁটিত গুলীচালনা : এজন কিশোৰ আহত
-
By publisher
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026