মাটিয়া : “হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত আছে গোপন প্ৰেম৷কাৰন দুয়োৰে আদৰ্শ একেই ৷দুয়ো হিন্দু – মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰে৷” আজি পশ্চিম গোৱালপাৰাৰ ৰাখালডুবিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত এইদৰে মন্তব্য কৰে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈয়ে৷স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আজমলে মুছলমানকলৈ যিমান ৰাজনীতি কৰিব বিজেপিৰ সিমানেই লাভ হব৷ আজমল জয়ী হলে মুছলমানৰে আটাইতকৈ বেছি ক্ষতি হব৷ সেয়েহে হিমন্তই আজমলক ৰাজনীতিত বিছৰা বুলি কয় গগৈয়ে৷’বিজেপি আৰু এ আই ইউ ডি এফে সদায় হিন্দু- মুছলমানক ভাগ ভাগ কৰিব বিছাৰে৷ হিমন্তই বৰপেটা,ধুবুৰী,বঙাইগাওঁ,গোৱালপাৰাক বাংলাদেশ আৰু পাকিস্থান বুলি কয়৷ ইপিনে মোদীয়ে হিন্দু সকলক প্ৰথম শ্ৰেনীৰ নাগৰিক কৰি মুছলমান সকলক দ্বিতীয় শ্ৰেনীৰ নাগৰিক সজাব বিছাৰিছে৷ মোদীয়ে লাখ লাখ বাংলাদেশী হিন্দু আনি ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিব বিছাৰিছে৷ ‘ গগৈয়ে কয় ৷
হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত গোপন প্ৰেম আছে : তৰুন গগৈ
-
By publisher
ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: AssamBJPCongressTarun Gogoi
Related Content
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে 'অপাৰেচন সিন্দূৰ'
By
publisher
May 11, 2025
'ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু...'! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
By
publisher
May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
By
publisher
May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025