মাটিয়া : “হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত আছে গোপন প্ৰেম৷কাৰন দুয়োৰে আদৰ্শ একেই ৷দুয়ো হিন্দু – মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰে৷” আজি পশ্চিম গোৱালপাৰাৰ ৰাখালডুবিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত এইদৰে মন্তব্য কৰে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈয়ে৷স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আজমলে মুছলমানকলৈ যিমান ৰাজনীতি কৰিব বিজেপিৰ সিমানেই লাভ হব৷ আজমল জয়ী হলে মুছলমানৰে আটাইতকৈ বেছি ক্ষতি হব৷ সেয়েহে হিমন্তই আজমলক ৰাজনীতিত বিছৰা বুলি কয় গগৈয়ে৷’বিজেপি আৰু এ আই ইউ ডি এফে সদায় হিন্দু- মুছলমানক ভাগ ভাগ কৰিব বিছাৰে৷ হিমন্তই বৰপেটা,ধুবুৰী,বঙাইগাওঁ,গোৱালপাৰাক বাংলাদেশ আৰু পাকিস্থান বুলি কয়৷ ইপিনে মোদীয়ে হিন্দু সকলক প্ৰথম শ্ৰেনীৰ নাগৰিক কৰি মুছলমান সকলক দ্বিতীয় শ্ৰেনীৰ নাগৰিক সজাব বিছাৰিছে৷ মোদীয়ে লাখ লাখ বাংলাদেশী হিন্দু আনি ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিব বিছাৰিছে৷ ‘ গগৈয়ে কয় ৷
হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত গোপন প্ৰেম আছে : তৰুন গগৈ
-
By publisher
- Categories: Loksabha Election, News, Politics
- Tags: AssamBJPCongressTarun Gogoi
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026