এই নিৰ্বাচন খিলঞ্জীয়া ৰক্ষাৰ আন্দোলন:বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

1 3

টিহু ,মাখিবাহা,কৈঠালকুছিত মিত্র জোঁটৰ নিৰ্বাচনী প্ৰচাৰ

টিহু : এই নিৰ্বাচন খিলঞ্জীয়া ৰক্ষাৰ আন্দোলন |আজি টিহু , মাখিবাহা আদিত বৰপেটা লোকসভা সমষ্টিৰ অগপ, বিজেপি, বিপিএফ মিত্র জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত এইদৰে কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই | টিহুৰ নিৰ্বাচনী কাৰ্যালয় প্ৰাংগণত অগপ নেতা চানক্য চৰণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত  অগপ নেতা গৰাকীয়েঅসমৰ সাংস্কৃতিক ক্ষেত্রলৈ বৰপেটাৰ আৰু  অসমৰ শৈক্ষিক ক্ষেত্রলৈপাটাছাৰকুছি-টিহুৰ  অৱদানৰ বিষয়ে উল্লেখ কৰে | লোকসভা নিৰ্বাচনত খিলঞ্জীয়া লোকৰ ভোটদানৰ অনীহাৰ বাবে এআইইউডিএফে বৰপেটাৰ দৰে সংস্কৃতিবান সমষ্টি দখল কৰিবলৈ সক্ষম হোৱা বুলি মন্তৱ্য কৰে | ইফালে কৈঠালকুছি হাইস্কুল খেল পথাৰত মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছক ফাং-ফুংৰ দ’ল বুলি অভিহিত কৰি লুটি-পুতি খোৱাতহে কংগ্ৰেছৰ ধান্দা বুলি উল্লেখ কৰে৷লগতে বৰপেটা সমষ্টিত এ আই ইউ ডি এফৰ উত্থানে জাতীটোৰ বাবে অশনি সংকেট আনিছে বুলিওঁ কয়৷সভাত

Exit mobile version