নগৰবেৰা: অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী সকলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে ।নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত খোলাবান্ধা আৰু কাছুমাৰা চৰত পৃথকে পৃথকে অনুষ্ঠিত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি ভাষণ দিয়ে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। চেঙা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন মূখ্যমন্ত্ৰী গগৈয়ে হেলিকপ্টাৰ যোগে আহি উপস্থিত হৈ ভাষণত কয় ,’ এ আই ইউ ডি এফ আৰু অগপই বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। এ আই ইউ ডি এফক ভোট দিলে বি জে পি লাভৱান হব। বি জে পি আৰু আৰ এছ এছে ভাৰতবৰ্ষক হিন্দুস্থান বনাব বিচাৰিছে।অসমক কেতিয়াওঁ ত্ৰিপুৰা হবলৈ দিয়া নহব। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। নৰেন্দ্ৰ মোডীয়ে গুজৰাটত সংখ্যালঘু লোকক হত্যা কৰি তেজেৰে ৰাঙলী কৰিছিল। ভাৰতবৰ্ষত হিন্দু, মুছলমান,খ্ৰীষ্টান, জৈন, শিখ আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসবাস কৰাৰ সম অধিকাৰ আছে। আমি সকলো জাতি জনগোষ্ঠীৰ লোক সকলে মিলাপ্ৰীতিৰে বসবাস কৰাটো বিজেপি আৰু আৰ এছ এছে নিবিচাৰে। কংগ্ৰেছে সকলোকে সমান অধিকাৰ দি আহিছে।’ তেেওঁ কয় যে কংগ্ৰেছৰ দিনত উন্নয়ন ত্বৰান্বিত হৈছে।কংগ্ৰেছৰ দিনত ৰাজ্যৰ গাঁৱে ভূঞে স্কুল কলেজ, মেডিকেল, ৰাস্তা ঘাট দলং আদি নিৰ্মান হৈছে।নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰতিজন ভাৰতীয়ৰ একাউণ্টত ১৫ লাখকৈ টকা দিয়াৰ যি কথা ঘোষণা কৰিছিল সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰতি হৈয়েই থাকিল ,কোনো ভাৰতীয়ৰ একাউণ্টত এটা টকাও নুসুমুৱালে বুলি ভাষণত উল্লেখ কৰে গগৈয়ে। সভাত ড০ হিমন্ত বিশ্ব শৰ্মাক বেইমান বুলি আখ্যা দি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে, কংগ্ৰেছ দুখীয়াৰ দল। দুখীয়া মানুহৰ বাবে চিন্তা কৰে কংগ্ৰেছে। ‘বি জে পি দলে মুছলমান মানুহক ভাল নাপায়। আমি সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলৰ সকলো বিপদৰ সময়ত থাকো আৰু থাকিম। কংগ্ৰেছ থাকোতে সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলক বি জে পিয়ে কেতিয়াওঁ দ্বিতীয় শ্ৰেণীৰ নাগৰিক সজাব নোৱাৰে। কংগ্ৰেছ সংখ্যালঘু জাতিৰ বন্ধু ‘ কয় গগৈয়ে। ।অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক বিপুল ভোটত জয়ী কৰাবলৈ সভাত উপস্থিত থকা ৰাইজক প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।
খোলাবান্ধা – কাছুমাৰাচৰত প্ৰাৰ্থী আব্দুল খালেকৰ হৈ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
-
By publisher
- Categories: Loksabha Election, News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026