দলগাঁও: মঙ্গলদৈ লোক সভা সমষ্টিৰ অন্তৰ্গত দৰঙৰ দলগাঁও সমষ্টিত কে’বাটাও ভোট কেন্দ্ৰত প্ৰথম অৱস্থাত ই ভি এম বিকল হোৱাত ভোটাৰৰ মাজত প্ৰতিক্ৰীয়া সৃষ্টি হয় যদিও পাছৰ পৰ্যায়ত দলগাঁও সমষ্টিত ভোটাৰে ব্যাপক উৎসাহেৰে ভোট দান কৰে ৷ একাংশ কেন্দ্ৰত ভোট গ্ৰহণত লেহেমীয়া হোৱাৰ বাবে বহু ভোটাৰে ভোট দিব নোৱাৰাৰ বিপৰীতে কে’বাটাও কেন্দ্ৰত ৯৯ শতাংশ ভোটদান কৰি অভিলেখ গড়ে ৷ জানিৱ পৰা মতে শ্যামপুৰ থানাৰ অন্তৰ্গত ৪ নং শ্যামপুৰ কমিনিউটি হল ভোট কেন্দ্ৰত বিয়লি পাঁচ বজাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে কেন্দ্ৰৰ গেট বন্ধ কৰি দিয়াত কে’বাশতাধিক ভোটাৰে ভোট দিয়াৰ পৰা বঞ্চিত হোৱাত কেন্দ্ৰটিত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷পাছত দলগাঁও ৰাজহ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰৰ তৎপৰতাত বাকী ভোটাৰে শান্তিপূৰ্ণ ভাৱে ভোটদান কৰে ৷ নিশা ৯ বজালৈ উক্ত কেন্দ্ৰটিত ভোটদান চলি থকাৰ খবৰ পোৱা গৈছে ৷ ইপিনে ৩৪ নং সৰিসাবাৰী ভোট কেন্দ্ৰ (বাওঁফাল)ত মল্লিকা খাতুন নামৰ বৃদ্ধা এগৰাকীয়ে ভোট দিবলৈ যোৱাত পুলিং বিষয়া এগৰাকীয়ে ভোটদানত সহায় কৰি দিয়াৰ নামত বৃদ্ধা গৰাকীৰ মতৰ বিৰুদ্ধে বিজেপিত ভোট দিয়াত উত্তেজনাৰ সৃষ্টি হোৱাৰ পাছত বৃদ্ধা গৰাকীক পুনৰ ভোট দিবলৈ দিয়ে যদিও প্ৰথমে বিজেপিত দিয়া ভোটটো কি হব এই লৈ আস্বস্থ হব পৰা নাই স্থানীয় ৰাইজ ৷ আনহাতে দলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত লালপুল, বৰঘোলী, নদীৰকাষত ৯৯ শতাংশ ভোট প্ৰদানেৰে অভিলেখ গড়ে দলগাঁৱত ৷ ইপিনে পুৱাৰ ভাগত সমষ্টি খনৰ প্ৰায় ৩০ খনৰো অধিক কেন্দ্ৰত ই ভি এম বিকল হৈ পৰে ৷
দলগাঁৱত অভিলেখ:কেবাটাও কেন্দ্ৰত ৯৯ শতাংশ ভোটদান
-
By publisher

Voters are seen at large numbers standing in queue to cast their Vote during the Second Phase of the Lok Sabha polls in Mangaldoi on 18-04-19.Pix by UB Photos
ADVERTISEMENT
- Categories: Loksabha Election, News
- Tags: AssamLoksabha Election
Related Content
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025