দলগাঁও: মঙ্গলদৈ লোক সভা সমষ্টিৰ অন্তৰ্গত দৰঙৰ দলগাঁও সমষ্টিত কে’বাটাও ভোট কেন্দ্ৰত প্ৰথম অৱস্থাত ই ভি এম বিকল হোৱাত ভোটাৰৰ মাজত প্ৰতিক্ৰীয়া সৃষ্টি হয় যদিও পাছৰ পৰ্যায়ত দলগাঁও সমষ্টিত ভোটাৰে ব্যাপক উৎসাহেৰে ভোট দান কৰে ৷ একাংশ কেন্দ্ৰত ভোট গ্ৰহণত লেহেমীয়া হোৱাৰ বাবে বহু ভোটাৰে ভোট দিব নোৱাৰাৰ বিপৰীতে কে’বাটাও কেন্দ্ৰত ৯৯ শতাংশ ভোটদান কৰি অভিলেখ গড়ে ৷ জানিৱ পৰা মতে শ্যামপুৰ থানাৰ অন্তৰ্গত ৪ নং শ্যামপুৰ কমিনিউটি হল ভোট কেন্দ্ৰত বিয়লি পাঁচ বজাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে কেন্দ্ৰৰ গেট বন্ধ কৰি দিয়াত কে’বাশতাধিক ভোটাৰে ভোট দিয়াৰ পৰা বঞ্চিত হোৱাত কেন্দ্ৰটিত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷পাছত দলগাঁও ৰাজহ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰৰ তৎপৰতাত বাকী ভোটাৰে শান্তিপূৰ্ণ ভাৱে ভোটদান কৰে ৷ নিশা ৯ বজালৈ উক্ত কেন্দ্ৰটিত ভোটদান চলি থকাৰ খবৰ পোৱা গৈছে ৷ ইপিনে ৩৪ নং সৰিসাবাৰী ভোট কেন্দ্ৰ (বাওঁফাল)ত মল্লিকা খাতুন নামৰ বৃদ্ধা এগৰাকীয়ে ভোট দিবলৈ যোৱাত পুলিং বিষয়া এগৰাকীয়ে ভোটদানত সহায় কৰি দিয়াৰ নামত বৃদ্ধা গৰাকীৰ মতৰ বিৰুদ্ধে বিজেপিত ভোট দিয়াত উত্তেজনাৰ সৃষ্টি হোৱাৰ পাছত বৃদ্ধা গৰাকীক পুনৰ ভোট দিবলৈ দিয়ে যদিও প্ৰথমে বিজেপিত দিয়া ভোটটো কি হব এই লৈ আস্বস্থ হব পৰা নাই স্থানীয় ৰাইজ ৷ আনহাতে দলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত লালপুল, বৰঘোলী, নদীৰকাষত ৯৯ শতাংশ ভোট প্ৰদানেৰে অভিলেখ গড়ে দলগাঁৱত ৷ ইপিনে পুৱাৰ ভাগত সমষ্টি খনৰ প্ৰায় ৩০ খনৰো অধিক কেন্দ্ৰত ই ভি এম বিকল হৈ পৰে ৷
দলগাঁৱত অভিলেখ:কেবাটাও কেন্দ্ৰত ৯৯ শতাংশ ভোটদান
-
By publisher

Voters are seen at large numbers standing in queue to cast their Vote during the Second Phase of the Lok Sabha polls in Mangaldoi on 18-04-19.Pix by UB Photos
- Categories: Loksabha Election, News
- Tags: AssamLoksabha Election
Related Content
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
By
publisher
April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে'ল দুর্ঘটনা
By
publisher
April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
By
publisher
April 28, 2026