ৰঙিয়া : মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, ৰাজ্য সভাৰ সাংসদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই আজি নিজৰ ভোটটো দিব নোৱাৰিলে। তেওঁ আজি বিয়লি ঠিক চাৰি বজাত নিজৰ গৃহ সমষ্টি সীতাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব গৈ বিফল মনোৰথে হৈ উভতি যাব লগা হ ল। অৱশ্যে তেওঁৰ পুত্ৰ সন্দিপ কলিতাই সেই কেন্দ্ৰতে ভোটাধিকাৰ সাব্যস্ত কৰে। প্ৰাৰ্থী কলিতাই মনোনয়ন পত্ৰ দাখিলৰ সময় প্ৰদান কৰা ঘোষনা পত্ৰত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত নাম থকা বুলি উল্লেখ কৰে। ফলত তেওঁ যেতিয়া গৃহ সমষ্টি ৰঙিয়া সিতাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সপুত্ৰ ভোটাধিকাৰ সাব্যস্ত কৰিব যায় তেতিয়া কেন্দ্ৰটোত কৰ্তব্যৰত প্ৰিজাইডিং বিষয়া গৰাকীয়ে তেওঁক ৰঙিয়াৰ পৰিৱৰ্তে গুৱাহাটীত ভোটদান কৰিবলৈ পৰামৰ্শ দিয়ে। ফলত নিজৰ ভোটটো নিদি ভোট কেন্দ্ৰৰ পৰা ওলাই আহে।
মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ভোট দিব নোৱাৰিলে
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News
- Tags: Bhuwaneswar KalitaCongressLoksabha Election
Related Content
Kaziranga National Park: উদ্যোগীকৰণ! কাজিৰঙাৰ ষষ্ঠ সংযোজন বাতিল
By
publisher
June 17, 2025
উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
By
publisher
June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
By
publisher
June 16, 2025
'বন্ধুত্বৰ প্ৰতীক'! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
By
publisher
June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
By
publisher
June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
By
publisher
June 16, 2025