ৰঙিয়া : মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, ৰাজ্য সভাৰ সাংসদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই আজি নিজৰ ভোটটো দিব নোৱাৰিলে। তেওঁ আজি বিয়লি ঠিক চাৰি বজাত নিজৰ গৃহ সমষ্টি সীতাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব গৈ বিফল মনোৰথে হৈ উভতি যাব লগা হ ল। অৱশ্যে তেওঁৰ পুত্ৰ সন্দিপ কলিতাই সেই কেন্দ্ৰতে ভোটাধিকাৰ সাব্যস্ত কৰে। প্ৰাৰ্থী কলিতাই মনোনয়ন পত্ৰ দাখিলৰ সময় প্ৰদান কৰা ঘোষনা পত্ৰত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত নাম থকা বুলি উল্লেখ কৰে। ফলত তেওঁ যেতিয়া গৃহ সমষ্টি ৰঙিয়া সিতাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সপুত্ৰ ভোটাধিকাৰ সাব্যস্ত কৰিব যায় তেতিয়া কেন্দ্ৰটোত কৰ্তব্যৰত প্ৰিজাইডিং বিষয়া গৰাকীয়ে তেওঁক ৰঙিয়াৰ পৰিৱৰ্তে গুৱাহাটীত ভোটদান কৰিবলৈ পৰামৰ্শ দিয়ে। ফলত নিজৰ ভোটটো নিদি ভোট কেন্দ্ৰৰ পৰা ওলাই আহে।
মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ভোট দিব নোৱাৰিলে
-
By publisher

- Categories: Loksabha Election, News
- Tags: Bhuwaneswar KalitaCongressLoksabha Election
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026