অসমীয়া জাতিৰ স্বাৰ্থত সংসদত সিংহনিনাদ কৰিম : খালেক

1 4

ধৰ্মপুৰত মটৰ চাইকেল সমদল

অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সংসদত সিংহনিনাদ কৰাৰ প্ৰতিশ্ৰুতি দিছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে। আজি সমষ্টিটোৰ অন্তৰ্গত ধৰ্মপুৰ বিধানসভা সমষ্টিৰ কাছিমপুৰত এখন নিৰ্ব্বাচনী সভাত ভাষণ দি কংগ্ৰেছ প্ৰাৰ্থীজনে কয় ,’ মই সাংসদ নিৰ্ব্বাচিত হ’লে অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সংসদত সিংহনিনাদ কৰি যাম। সংখ্যাগুৰু, সংখ্যালঘু আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ হৈ কাম কৰিম।’ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ বিষয়েও তেওঁ ভাষণত উল্লেখ কৰে । বিজেপি আৰু এ আই ইউ ডি এফ অসমৰ ভৱিষ্যতৰ বাবে ভাবুকি বুলিও খালেকে মন্তব্য কৰে । বিজেপি আৰু এ আই ইউ ডি এফক ইংগিত কৰি খালেকে লগতে কয় যে সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হোৱাৰ সময় সমাগত হৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাৰোগত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি যাব বুলি মন্তব্য কৰি তেওঁ অগপক ভ্ৰষ্টাচাৰী দল বুলি আখ্যা দিয়ে। অগপই আজিলৈকে অসমৰ উন্নয়নৰ স্বাৰ্থত একো নকৰা বুলি সমালোচনা কৰি তেওঁ কয়, ‘ সংসদতো অগপৰ নিৰ্ব্বাচিত সদস্যই পূৰ্বেও কোনো উল্লেখনীয় ভূমিকা পালন কৰা ৰাইজে নেদেখিলে । ক্ষমতাৰ লালসাত এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে আৰু পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰে। এনে এটা দলক অসমৰ ৰাইজে লোৱাটো দূৰৰে কথা স্বয়ং দলৰ তৃণমূল কৰ্মীসকলেও বিজেপিৰে মিত্ৰতাক মানি লোৱা নাই।’

Exit mobile version