পলাশবাৰী :অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দল সমুহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীবোৰেই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। সমান্তৰালভাৱে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে সমৰ্থকসকলৰ সৈতে পলাশবাৰী সমষ্টিত এক ৰেলী উলিয়াই সমৰ্থক নিৰ্বাচনী প্ৰচাৰ কৰে। উপৰহালীস্থিত কাৰ্যালয়ৰ পৰা উলিওৱা নিৰ্বাচনী ৰেলীৰ আগমুহুৰ্তত নিৰ্দলীয় প্ৰাৰ্থী খাউণ্ডে সাংবাদিকৰ আগত কয় যে, যোৱা কালি ছয়গাও সমষ্টিৰ গৰৈমাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দৰ সোণোৱাৰ নিৰ্বাচনী সভাত বিয়লি কলা পতাকা দেখুওৱাৰ অভিযোগত ছাহেবা আহমেদৰ লগতে আন এগৰাকী তপন তালুকদাৰক আৰক্ষীয়ে আটক কৰি ওৰে নিশা এবাৰ ছয়গাও আৰক্ষী থানা, এবাৰ পলাশবাৰী আৰক্ষী থানা অনা-নিয়া কৰি ঘুৰাই আছিল। লগতে ছাহেবা আহমেদ নামৰ যুৱতী গৰাকীক আৰক্ষীয়ে মানসিকভাৱে নিৰ্যাতন চলাই অসুস্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। পিছত আৰক্ষীয়ে ছাহেবা আহমেদক মিৰ্জাস্থিত চিকিৎসালয়ত আনি চিকিৎসা প্ৰদান কৰিছিল। প্ৰফুল্ল মহন্ত মূখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওক বহুলোকে কলা পতাকা দেখুৱাইছিল কিন্তু তেও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন চৰকাৰখনে কলা পতাকা দেখুওৱাত কিয় আৰক্ষীয়ে আটক কৰি মানসিকভাৱে অত্যাচাৰ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। অহা লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে। আনহাতে অগপ নেতা কমলা কলিতাই তেওৰ বিৰুদ্ধে চৰিত্ৰ হননৰ মন্তব্য কৰাত কলিতাৰ বিৰুদ্ধে আইনি ব্যৱস্থা লোৱাৰ হুকাৰ দিয়ে । আৰক্ষীয়ে আটক কৰি দুই অভিযুক্তক শাস্তি প্ৰদান কৰা কাৰ্যৰ প্ৰতিবাদত উপায়ন্তৰ হৈ মানৱ অধিকাৰ আয়োগত দাৰস্থ হোৱা বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে খাউণ্ডে। আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে উলিওৱা ৰেলীত পলাশবাৰী ৰাইজে স্বতস্ফুত ভাৱে সহাৰী জনোৱা বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে।
পলাশবাৰীত লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱীৰ নিৰ্বাচনী প্ৰচাৰ
-
By publisher

- Categories: Loksabha Election, News
- Tags: AssamLoksabha Election
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026