বিজেপিক ভোট নিদিলে আল্লাই ক্ষমা নকৰে

3

বৰক্ষেত্ৰীৰ কুৰিহামাৰিত মুখ্যমন্ত্ৰী সোনোৱাল

নলবাৰী:‘ বিজেপি দলে ভাষা,গোষ্ঠী,ধৰ্মৰ নামত কেতিয়াও ৰাজনীতি নকৰে।কেন্দ্ৰ আৰু ৰাজ্য উভয়তে যদি বিজেপি দলৰ চৰকাৰ থাকে তেন্তে সংখ্যালঘু লোকসকলৰ ভয়ৰ কোনো কাৰন নাই।’আজি নলবাৰী জিলাৰ সংখ্যালঘু অধ্যুষিত বৰক্ষেত্ৰী চৰাঞ্চলৰ কুৰিহামাৰী কলেজ খেল পথাৰত অনুষ্ঠিত এক নিৰ্বাচনী জনসভাত ভাষন দি অভয়দান দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ভাষন প্ৰসংগত সোণোৱালে কয়- ‘কংগ্ৰেছে দীৰ্ঘদিনীয়া শাসন কালত কৰিব নোৱাৰা কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাচ বছৰতে কৰি দেখুৱাইছে। এন আৰ চিত প্ৰতিজন ভাৰতীয়ৰ নাম অন্তৰ্ভূক্তি হবই। সৎ,নিষ্ঠা আৰু সততাৰে কৰাৰ বাবে সুকলমে এন আৰ চিৰ কাম চলি আছে।’ আনকি ডি ভোটাৰৰ ক্ষেত্ৰটো অনাহকত ভয় নাখাবলৈ সংখ্যালঘু লোক সকলক নিৰ্ভয় প্ৰদান কৰে।’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশৰ লক্ষ্যৰে আজি অসমত সৰ্বতোপ্ৰকাৰৰ উন্নয়ন হৈছে ।সৰ্বস্তৰতে আজি দূৰ্নীতি কমিছে বাবেই উন্নয়ন সম্ভব হৈ পৰিছে।চৰাঞ্চলৰ উন্নয়নৰ বাবেই এহেজাৰ কোটি টকা আনিবলৈ আমি সক্ষম হৈছো।শৈক্ষিক দিশৰ উন্নয়ন বাবেই নখনকৈ মহাবিদ্যালয়ৰ লগতে বিশ খন আবাসিক বিদ্যালয় স্হাপনৰ সিদ্ধান্ত লৈছো।ইমানৰ পিচতো যদি মুছলমান লোকসকলে বিজেপিক ভোট নিদিয়ে তেন্তে আল্লাই কেতিয়াও ক্ষমা নকৰে’ , সোণোৱালে কয়। ।

Exit mobile version