কলিয়াবৰ: আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলৰ মাজত কড়ি খেলে বহুল সমাদৰ লাভ কৰাৰ পৰৱৰ্তি সময়ত সৰ্বসাধাৰণ ৰাইজৰ মাজতো ব্যাপকভাৱে প্ৰচলিত হোৱাৰ উপৰি ব্যাপক জনপ্ৰিয়তাও লাভ কৰিছিল। চ’ত মাহৰ ভিতৰতে সংঘটিত আহোম আৰু মোগলৰ মাজৰ ঐতিহাসিক শৰাইঘাট ৰণৰ স’তেও আছে কড়ি খেলৰ সম্পৰ্ক; যাৰ আভাষ পোৱা যায় পুৰণি কিছু বিহুনামত। চ’ত মাহৰ পহিলা দিনটোৰপৰা ব’হাগৰ উৰুকাৰ দিনটোলৈকে দিক-চু ন-পাম মাউত গাঁৱৰ ৰাইজৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে এই পুৰণিকলীয়া কড়ি খেল। আগ্ৰহী প্ৰতিঘৰ গঞাৰ ঘৰৰ লগতে গাঁৱৰ ৰাজহুৱা নামঘৰতো পৰিলক্ষিত হয় একেই পৰিৱেশ। প্ৰতীকি অৰ্থত প্ৰজননৰ স’তে এই খেলবিধৰ সম্পৰ্ক আছে যদিও নতুন বছৰৰ ভাগ্য পৰীক্ষা, গাঁৱৰ ডেকা-গাভৰুৰ লগতে বয়োজ্যেষ্ঠসকলৰ মাজতো সম্প্ৰীতিৰ পৰিৱেশ আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাও এই খেলৰ লক্ষ্য। তেনে লক্ষ্যৰে হাটবৰ কেন্দ্ৰীয় বিহু উদ্যাপন সমিতিয়ে ল’লে অভিনৱ পদক্ষেপ। হাটবৰ কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন সমিতিয়ে ২ আৰু ৩ বহাগত দুদিনিয়াকৈ আয়োজন কৰা ৰঙালী বিহু উদ্যাপনৰ লগত সঙ্গতি ৰক্ষা কৰি আয়োজন কৰে কড়ি খেল। য’ত ভাগ লয় স্থানীয় বুঢ়া-মেথা সকলোৱে। পুৰণি খেলবিধ খেলি স্মৃতিকাতৰ হৈ পৰে জ্যেষ্ঠজন, কণিষ্ঠসকলে অনুভৱ কৰে অনন্য শিহৰণ।
কলিয়াবৰৰ হাটবৰত ৰঙালী বিহুত “কড়ি খেল”ৰ মাদকতা
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026