কংগ্ৰেছ মানেই দুৰ্নীতি-ভ্ৰষ্টাচাৰ-বিভেদকামী-সংঘাত : সোণোৱাল

IMG 20190420 WA0046

কংগ্ৰেছৰ দীঘলীয়া শাসনত অসম পিছুৱাই গৈছে : অগপ সভাপতি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চাৰি স্হানত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ

শাসন ব্যৱস্হাত স্বচ্ছতা আনিবলৈ বিজেপিক ভোট দিব লাগিব ।

‘কংগ্ৰেছ মানে দুৰ্নীতি, ভ্ৰষ্টাচাৰ। কংগ্ৰেছ মানে বিভেদকামী ,সংঘাত ।’ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী হৈ বৰপেটা, অভয়াপুৰী, নলবাৰী আৰু লক্ষিমপুৰত আজি মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্ব্বাচনী প্ৰচাৰত অংশ লয়। চাৰিওখন সভাতে মুখ্যমন্ত্ৰীক সংগ দিয়ে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ অভয়াপুৰীত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে। সোণোৱালে লগতে কয়,’ স্বাধীনতাৰ পাছত সুদীৰ্ঘ সময় কংগ্ৰেছ দলেই শাসনত বহিল। 52 বছৰ কাল প্ৰয়াত জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ পৰা আৰম্ভ কৰি নৰসিংহ ৰাও , মনমোহন সিং আদিয়ে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ল। কিন্তু কংগ্ৰেছ চৰকাৰে ৰাইজক সু-শাসন দিব নোৱাৰিলে । কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা অপশাসনৰ বাবে ৰাইজে ন্যায় নাপালে। ভাষাৰ নামত,ধৰ্মৰ নামত, সংস্কৃতিৰ নামত বিভেদৰ সৃষ্টি হৈ জনতাৰ মাজত অনৈক্যৰ ভাব জাগ্ৰত হয়। কিন্তু 2014 ৰাইজে অপশাসনৰ পৰা মুক্তি পাবলৈ চৰকাৰ পৰিৱৰ্তন ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন কৰিলে। প্ৰধানমন্ত্ৰী মোদীয়ে ‘ সবকা সাথ সবকা বিকাশ ‘ নীতিৰে প্ৰতিজন ভাৰতীয়ক ন্যায় দিবলৈ চেষ্টা কৰিলে।’ ইয়াৰ পাছতে বৰপেটা লোকসভা অগপ প্ৰাৰ্থীজনৰ হৈ মুখ্যমন্ত্ৰীয়ে নলবাৰী জিলাৰ চমতাতো এখন সভাত অংশ লয়।

Exit mobile version