কংগ্ৰেছে দিল্লীত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি (আপ)ৰ স’তে মিত্ৰতা কৰিব বুলি চলি থকা ব্যাপক চৰ্চাৰ সম্প্ৰতি অৱসান ঘটিছে । আপৰ স’তে মিত্ৰতাৰ সম্ভাৱনা দূৰ কৰি আজি দলে দিল্লীৰ সাতটা সমষ্টিৰ ছটাৰে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দিল্লী কংগ্ৰেছৰ মুৰব্বী শীলা দীক্ষিতক দলে উত্তৰ-পূব দিল্লীত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । লক্ষ্যণীয়ভাৱে দলৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে এইবাৰ প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকে । পূৰ্বে একাধিকবাৰ লোকসভা নিৰ্ব্বাচনত অৱতীৰ্ণ হোৱা চান্দনী চ’ক সমষ্টিত ছিবালে এইবাৰ প্ৰতিদ্বন্দিতা কৰিব বুলি ব্যাপক চৰ্চা চলে যদিও মূৰকত জেষ্ঠ কংগ্ৰেছ নেতাজনে নিৰ্ব্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। বিজেপি আৰু আপৰ স’তে ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতাত মিলিত হ’বলৈ ছিবালে অস্বীকাৰ কৰা বুলি দলীয় সূত্ৰই জনায়।
আপৰে মিত্ৰতা নহ’ল : দিল্লীৰ ছটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ
-
By publisher
ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: AAPCongressLoksabha Election
Related Content
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে 'অপাৰেচন সিন্দূৰ'
By
publisher
May 11, 2025
'ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু...'! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
By
publisher
May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
By
publisher
May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025