বেবেজীয়া: যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্য পশু পক্ষী হত্যা কৰি ইয়াৰ মাংস, ছাল, দাতঁ, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী কুজীডাঁহৰ প্ৰকৃতি প্ৰেমী যুৱক হৃদয়ানন্দ বৰাৰ তৎপৰতাত এটি দুস্প্ৰাপ্য প্ৰজাতিৰ পক্ষী আজি মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে। আজি পুৱা যুৱকজনে ঘৰৰ ওচৰৰে ফালেংবৰি পথাৰত এটি দুস্প্ৰাপ্য বৰটোকোলা চৰাই আঘাটপ্ৰাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে তেওঁ কথাটো এগৰাকী স্থানীয় সংবাদসেৱীক অৱগত কৰে ৷ পাছত প্ৰকৃতিপ্ৰেমী সংগঠন এ উব্লিউ আৰ আৰ অ’ৰ সদস্য সুৰঞ্জন দেৱনাথ , বন্যপ্ৰানী সংৰক্ষন বিভাগৰ প্ৰদীপ বৰা আৰু বিপিন বৰা নামৰ লোক দুজন আহি হৃদয়নন্দ বৰাৰ লগতে প্ৰানতোষ হাজৰীকা নামৰ আন এজন যুৱকৰ সহায়ত এখন ভৰিত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত পক্ষীটোক পথাৰত পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে আৰু তৎপৰতাৰে জিলা পশু চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ ব্যৱস্থা কৰে ।
দুস্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা উদ্ধাৰ
-
By publisher
- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026