নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ প্ৰচেষ্টাত আজি নগাঁও জিলাৰ ডিমৰুগুৰী আমতল পথৰ পৰা এগৰাকী দৰিদ্ৰ, এখন ভৰি ভঙা, কোনো কাম কৰিব নোৱাৰা বৃদ্ধাক উদ্ধাৰ কৰে। ডিমৰুগুৰী আমতল পথৰ নিৱাসী প্ৰয়াত কেশৰাম কলিকতাৰ পত্নী সৰুমাই কলিতা (65)ই আজি কিছু দিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত এখন ভৰি ভঙা যদিও চুচৰি চুচৰি অন্যান্য লোকৰ পৰা খুজিমাগী জীৱন নিৰ্বাহ কৰি আহিছিল । তেওঁৰ পুত্ৰ সন্তান নাই যদিও বিবাহিত একমাত্ৰ জিয়ৰিৰ লগতে জীৱন অতিবাহিত কৰিছিল । কিন্তু একমাত্ৰ জিয়ৰিৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ পানীত হাহঁ নচৰা অৱস্থা হোৱাত বৃদ্ধা গৰাকীয়ে দিনটোৰ বাবে নগাঁও চহৰৰ পদপথত ভিক্ষা মাগী ফুৰা অৱস্থাত দিনদিয়েক পূৰ্বে নগাঁও চহৰৰ এজন সমাজ সচেতন যুৱক ভাস্কৰ বৰাই ছ’চিয়েল মিডিয়াত বৃদ্ধা গৰাকীৰ এই দুৰ্বিসহ জীৱনৰ বিষয়ে কিছু তথ্য প্ৰচাৰ কৰিছিল । সেই সূত্ৰে আজি নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ এটা সজাতি দলে ডিমৰুগুৰী আমতল পথত থকা তেওঁ জীয়ৰীৰ ঘৰৰ পৰা বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্হিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ সম্পূৰ্ণ ব্যৱস্হা কৰে। ইয়াৰ পূৰ্বে বৃদ্ধা গৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্হা কৰা হয় আৰু অনাগত দিনত বৃদ্ধা গৰাকীৰ অন্যান্য চিকিৎসা জনিত ব্যৱস্হাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰ পৰা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে ।
দৰিদ্ৰ-এখন ভৰি ভঙা বৃদ্ধাক উদ্ধাৰ : বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026