বৰপেটাৰোড : বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত তথা বালাভিঠাৰ ওচৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত এটি পথ দুৰ্ঘটনাত এগৰাকী মহিলাই কৰুণ মৃত্যক আঁকোৱালি লোৱাৰ লগতে এই দুৰ্ঘটনাত এটা গৰুৰো মৃত্যু হয়। অৱশ্য এই দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন চালক সহ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। দুৰ্ঘটনাত নিহত মহিলা গৰাকী বালাভিঠা গাঁৱৰে প্ৰয়াত সূৰ্যট আলিৰ পত্নী চালেহা বেওৱা(৫০) বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত খাবৰমতে আজি সন্ধিয়া ৫ মান বজাত চালেহা বেওৱা নামৰ মহিলা গৰাকীয়ে নিজৰ ঘৰৰ গাই গৰুজনী ঘৰলৈ নিবলৈ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব ওলাইছিল। কিন্তু সেই সময়ত বঙাইগাঁও ৰ পৰা গুৱাহাটী অভিমুখে এখন নম্বৰ বিহীন কলা ৰঙৰ গাড়ী তীব্ৰ বেগত আহি প্ৰথমে গৰুটোক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই মহিলা গৰাকীক খুন্দা মাৰে। ফলত গৰুটোৰ উপৰি মহিলা গৰাকীৰো ঘটনাস্থলীত মৃত্য হয়। অৱশ্য ঘটনাৰ খবৰ পাইয়ে বৰপেটাৰোড আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু গাড়ীখনৰ চালক ৰাজা মুৰাদ নামৰ ব্যক্তি জনক আটক কৰি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰি থানালৈ লৈ আনে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু : আটক গাড়ী চালক
-
By publisher
- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026