বৰপেটা ৰোডত খহি পৰিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ টাৱাৰ

1 6

বৰপেটা ৰোড: কোনো ধুমুহা বৰষুন নোহোৱাকৈ শনিবাৰে বৰপেটাৰোডৰ উত্তৰ ছাফাকামাৰত হঠাৎ ভাঙি পৰিল এ এছ ই বিৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ টাৱাৰ ৷ বৰপেটাৰোডৰ ছাফাকামাৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুটি নিৰ্মাণ কৰি শনিবাৰে বিদ্যুতৰ তাৰ লগাবলৈ ধৰোতেই হঠাতে বিদ্যুতৰ টাৱাৰ ভাঙি পৰাত অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
অসম ৰাজ্যিক বিদ্যুত বিভাগৰ তৰফৰ পৰা কোকৰাঝাৰৰ ছালাকাটিৰ পৰা ৰঙিয়ালৈকে নিৰ্মাণ কৰা হাই ভল্টেজ বিদ্যুত পৰিবাহী তাৰৰ টাৱাৰত শনিবাৰে তাৰ লগাই থকাৰ সময়ত হঠাৎ ভাঙি পৰে ৷ বিদ্যুত বিভাগে বিভাগীয় ভাৱে নিবিদা আহ্বান কৰি ঠিকা লাভ কৰা ঠিকাদাৰ গৰকীয়ে কামটো ইমানেই নিম্নগামীকৈ কৰিছে যে নিৰ্মাণ কাৰ্য শেষ কৰি সুউচ্চ টাৱাৰ খনিত তাৰ লগাবলৈ ধৰোতেই এই অঘটনটো ঘটে ৷ অৱশ্যে সুভাগ্য ক্ৰমে কোনো লোক হতাহতি হোৱা নাই ৷ কোকৰাঝাৰৰ ছালাকাটিৰ পৰা ৰঙিয়ালৈকেও বিদ্যুতৰ এই কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ গৰাকীয়ে নিজৰ ইচ্ছা মতে বিদ্যুতৰ টাৱাৰ সমূহ নিৰ্মাণ কৰিছে যদিও আজি কোপতি উক্ত কামৰ তদাৰক কৰিবলৈ বিভাগটোৰ তৰফৰ পৰা কোনো ধৰণৰ তৎপৰতা দেখুৱা নাই বুলিও স্হানীয় ৰাইজে জানিবলৈ দিয়ে ৷

Exit mobile version