২৭ মাহে দৰমহা নাই, কেনেকৈ জীয়াই থাকো

3 2

চিনিয়ৰ হোষ্টেলত আত্মহনন নগাঁও কাগজ কলৰ মেকানিকেল মেনেজাৰ বিশ্বজিৎ মজুমদাৰৰ:বন্ধ কোঠাত উদ্ধাৰ মৃতদেহ

জাগীৰোড : নগাঁও কাগজ কলৰ চিনিয়ৰ হোষ্টেলত আজি নগাঁও কাগজ কলৰ মেকানিকেল বিভাগৰ মেনেজাৰ বিশ্বজিৎ মজুমদাৰৰ ( ৫৮ ) মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে নগাঁও কাগজ কলত। নগাঁও কাগজ কলৰ চিনিয়ৰ হোষ্টেলৰ ছয় নম্বৰ কোঠাত অকলশৰীয়াকৈ থকা মেনেজাৰ বিশ্বজিৎ মজুমদাৰে হতাশাত ভাগি পৰিয়েই আত্মহনন কৰিলে বুলি নগাঁও কাগজ কলৰ একাংশ কৰ্মচাৰীয়ে প্ৰকাশ কৰিছে। নগাঁও কাগজ কলৰ একাংশ জ্যেষ্ঠ কৰ্মচাৰীয়ে দৈনিক অগ্ৰদূতৰ আগত প্ৰকাশ কৰা মতে দুদিনমানৰ আগতে মেনেজাৰ বিশ্বজিৎ মজুমদাৰে অস্থিৰ হৈ দুই এক সতীৰ্থৰ আগত হতাশ গ্ৰস্ত হৈ কিছু কথা প্ৰকাশ কৰিছিল- “পৰিয়ালৰ ভৰণ পোষণ দিব পৰা নাই, জীয়াই থাকি কি হ’ব। ছোৱালীৰ পঢ়া শুনা খৰছ দিব পৰা নাই। ২৭ মাহে দৰমহা নাই, কেনেকৈ জীয়াই থাকো আদি।” নগাঁও কাগজ কলৰ মেকানিকেল মেনেজাৰ বিশ্বজিৎ মজুমদাৰ নগাঁও কাগজ কলৰ চিনিয়ৰ হোষ্টেলত অকলশৰীয়াকৈ থকা বিপৰীতে পত্নী আৰু পৰিয়াল থাকে কলকাতাত। কলকতাত থকা পৰিয়াল আৰু উচ্চ শিক্ষা গ্ৰহণ কৰি থকা কন্যাৰ পঢ়া শুনা খৰছ বহন কৰিব নোৱাৰিয়ে হতাশাত ভাগি পৰি মজুমদাৰে আত্মহনন কৰে। কালিৰ পৰা আজি দুপৰীয়া সময়লৈ মেনেজাৰ বিশ্বজিৎ মজুমদাৰক বিভিন্ন জনে ফোন কৰে যদিও তেখেতৰ পৰা কোনেও কোনো ধৰণৰ সহাঁৰি পোৱা নাছিল। একেদৰে মেনেজাৰ মজুমদাৰৰ ওচৰা ওচৰিকৈ থকা আন কৰ্মচাৰী সকলেও দুদিন ধৰি দেখা পোৱা নাছিল। আজি আন কৰ্মচাৰী সকলৰ সন্দেহ ওপজাত চিনিয়ৰ হোষ্টেলত থকা মেনেজাৰ মজুমদাৰৰ কোঠালৈ যায় একাংশ কৰ্মচাৰী। কোঠাটোৰ সকলো দৰ্জা ভিতৰৰ ফালৰ পৰা বন্ধ হৈ থকাত সন্দেহ ওপজে আৰু পকী দেৱালৰ ভেন্টিলেছনৰ পৰা মজুমদাৰৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে কৰ্মচাৰী সকলে জাগীৰোড আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত তদন্ত কৰে। মেনেজাৰ বিশ্বজিৎ মজুমদাৰৰ মৃতদেহ আজি উদ্ধাৰ হৈছে যদিও কেতিয়া আত্মহত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইপিনে ২৭ মাহ ধৰি দৰমহা নোপোৱাত নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলৰ অৱস্থা দিনে দিনে অভাৱ গ্ৰস্ত হৈ পৰিছে। বহু কৰ্মচাৰীয়ে ধনৰ অভাৱত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈয়ো চিকিৎসা কৰিবলৈ পৰা নাই। পৰিয়ালৰ ভৰণ পোষণ দিবলৈ দিনে দিনে অপৰাগ হৈ পৰিছে। উচ্চ শিক্ষা গ্ৰহণ কৰা ল’ৰা ছোৱালীৰ প্ৰয়োজনীয় ধনৰ যোগান দিব নোৱাৰাত আধাতে শিক্ষা জীৱন সমাপ্ত কৰিছে। উপায়হীন বহু কৰ্মচাৰীয়ে জাগীৰোডত আৰু ইয়াৰ পাশে থকা গাঁও সমূহত দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে। কিছু কিছুৱে সৰু সৰু চাহৰ দোকান, গুমটি, শাক পাচলিৰ দোকান দি পৰিয়ালৰ জোৰা মাৰিবলৈ বাধ্য হৈছে। কিছু কিছুৱে ই ৰিক্সা, অটো, টেম্প আদি চলাই জীৱন নিৰ্বাহ কৰিছে। এনেকৈ বহু কষ্টেৰে জীৱনৰ দিন অতিবাহিত কৰিছে ২৭ মাহে দৰমহা নোপোৱা নগাঁও কাগজ কলৰ শ শ কৰ্মচাৰীয়ে।

Exit mobile version