কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ আকৰ্ষণীয় এলিফেন্ট ছাফাৰী আজিৰে পৰা বন্ধ হ’ব বুলি উদ্যান কৰ্ত্তৃপক্ষই এক জাননীৰ দ্বাৰা জানিব দিয়ে। ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিব দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ পোহনীয়া হাতী আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰ দ্বাৰা চলি থকা এলিফেন্ট ছাফাৰী পৰবৰ্তী জাননী নিদিয়া পৰ্যন্ত এক মে’ৰ পৰা বন্ধ কৰা হ’ব। গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা তথা বাৰিষা অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ কামত বন বিভাগৰ হাতীকেইটা ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিব দিয়ে। উল্লেখ্য গৰম বাঢ়ি অহাত হাতীৰ পিঠিত গাদী বান্ধি দেশ বিদেশৰ পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাৰ ক্ষেত্ৰত হাতীবোৰে বিভিন্ন সমস্যাৰ সন্মূখীন হয়। গৰমৰ সময়ত হাতীৰ পিঠিত উঠাই পৰ্যটকক উদ্যান ভ্ৰমণ কৰাওতে দুৰ্ঘটনা সংঘটিত হোৱাৰো সম্ভাৱনা থাকে। এনেবোৰ কথা চিন্তা কৰি আজি উদ্যান কৰ্ত্তৃপক্ষই পশু চিকিৎসক, বন বিষয়া আদিৰ সৈতে আলোচনা কৰি পহিলা মে’ৰ পৰা কাজিৰঙাত এলিফেন্ট ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত লয় বুলি বিভাগীয় সূত্ৰে প্ৰকাশ। অন্যহাতে ৰাষ্ট্ৰীয় উদ্যাখনৰ কহঁৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে ভ্ৰমণ কৰা উদ্যানৰ ভিতৰৰ বাট-পথবোৰ গাড়ী চলিব পৰা অৱস্থা থকা লৈকে পৰ্যটকৰ সুবিধা হোৱাকৈ জীপ ছাফাৰী অব্যাহত থাকিব বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিব দিয়ে।
পৰ্যটকৰ কাৰণে বন্ধ হ’ল কাজিৰঙাৰ এলিফেন্ট ছাফাৰী
-
By publisher

- Categories: News, Tourism
- Tags: AssamKaziranga National Park
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026