বান্দৰদেৱা : সম্প্ৰতি সমাজত সুস্থ মানসিকতাৰ অভাৱত কিছুমান মানুহে দিনক দিনে অমানৱীয় কাৰ্য -কলাপত লিপ্ত হৈ চৰম পৰ্যায়ত উপনীত হৈছে।তেনে নিকৃষ্ট মানসিকতাৰ বৃদ্ধৰ কামনাৰ বলী হব লগা হৈছে বান্দৰদেৱাৰ এজনী কণমানী কন্যা শিশু।লখিমপুৰ জিলাৰ বান্দৰদেৱা (২নং পাৰ্ব্বতীপুৰ) আৰক্ষী চকীৰ সমীপৰ ডিক্ৰং নদীৰ সমীপৰ এটা ভাড়া ঘৰত ভাড়াতীয়া বৃদ্ধই নিকতৰ্ৱতী ভাড়াতীয়া এটা পৰিয়ালৰ সাত বছৰীয়া কন্যা শিশুক ধৰ্ষন কৰি সম্প্ৰতি বান্দৰদেৱা আৰক্ষীৰ জালত । যোৱা নিশাই অভিযুক্তক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
বান্দৰদেৱাত সাত বছৰীয়া কন্যা শিশুক ধৰ্ষনৰ অভিযোগ : অভিযুক্তক জেললৈ প্ৰেৰণ
