বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা । বলুকাত নহয় গোৱালপাৰা চহৰৰ জ্যোতিনগৰত পুৱা গধূলি বহলাই বহিছে হাজাৰ হাজাৰ বগলী । বিগত আঠ বছৰৰ পৰা জাক জাক বগলীয়ে নিৰাপদ আশ্ৰয় লৈ আছে গোৱালপাৰা চহৰৰ জ্যোতিনগৰত ৷ যিটো সময়ত চৰাই চিৰিকটি,জীৱ জন্তুৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে তেনে সময়তে গোৱালপাৰাৰ জ্যেতিনগৰত দেখা গৈছে প্ৰকৃতি প্ৰেমৰ অন্যতম নিদৰ্শন । জ্যোতিনগৰৰ প্ৰকৃতি প্ৰেমী কেইটামান পৰিয়ালৰ ছত্ৰ ছায়াত হাজাৰ হাজাৰ বগলী এনেদৰে নিৰাপদ আশ্ৰয় গ্ৰহণ কৰাত তাত এক মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে ।সকলোৰে ঘৰে ঘৰে এতিয়া কেৱল বগলী । যি সময়ত চৰাই চিৰিকটিৰ থকাৰ ঠাই নোহোৱা হৈছে সেই সময়তে জ্যোতিনগৰৰ কেইটামান পৰিয়ালে নিজ বাৰীৰ গছ গছনিত বগলীক আশ্ৰয় দি প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । মাজে সময়ে দুস্কৃতিকাৰীয়ে বগলী নিধন কৰিবলৈ আহে যদিও নিজ পৰিয়ালৰ সদস্যৰ দৰে বাধা প্ৰদান কৰে ৰাইজে। বগলী সমূহক পৰিয়ালৰ কণ কণ শিশুবোৰৰ দৰে জ্ঞান কৰি আহিছে জ্যোতিনগৰবাসীয়ে ।বতাহ বৰষুণত বগলী যদি গছৰ পৰা পৰি যায় তেওঁলোকে চিকিৎসাৰ ব্যৱস্থা কৰে । গোৱালপাৰা জিলাৰ বহু প্ৰকৃতি প্ৰেমীয়ে বগলী চাবলৈ জ্যোতিনগৰত উপস্থিত হয়।
গোৱালপাৰা চহৰৰ জ্যোতিনগৰত বগলীৰ মেলাই সৃষ্টি কৰিছে মনোমোহা পৰিবশ
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026