নলবাৰী: পুৰীৰ জগন্নাথ মন্দিৰ ভ্ৰমনলৈ যোৱা নলবাৰীৰ তীৰ্থ যাত্ৰীসকলৰ পৰিয়ালৰ মাজত আতংক আজিও বিৰাজমান।কালান্তক ঘূৰ্ণীবতাহ “ফণী” য়ে সমুদ্ৰ তীৰৰ পূণ্যভূমীত বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত ক্ৰমাৎ পৰিয়াল সমূহৰ মাজত হাহাকাৰময় অৱস্থাৰ সূচনা হৈছে ।উল্লেখ্য যে,যোৱা ২৮ এপ্ৰিলৰ দিনা অসমৰ পৰা মন্দিৰ ভ্ৰমনলৈ নলবাৰী জিলাৰ টিহু,বেলশৰ,বৰকুৰিহা,অৰৰা,ঘগ্ৰাপাৰ,কমাৰকুছি অঞ্চলৰ পৰা বহুকেইগৰাকী তীৰ্থযাত্ৰী ৩০ এপ্ৰিলত পুৰীত উপস্থিত হৈছিল।তেওঁলোকে মন্দিৰ দৰ্শনৰ পিছতে এনে ভয়াবহ দুৰ্যোগৰ আগজাননী পোৱাত তীৰ্থ যাত্ৰী সকল একপ্ৰকাৰ ভীতিগ্ৰস্ত হৈ পৰিছিল। ইপিনে কালিৰে পৰা পৰিস্হিতি ভয়াবহ হোৱাত বৈদ্যুতিক সংযোগৰ লগতে ম’বাইল নেটৱৰ্ক সংযোগ বিচ্ছিন্ন হোৱাত পৰিয়াল কেইটাৰ মাজত লাগে হাহাকাৰ। জিলাখনৰ বৰকুৰিহাৰ গংগা কলিতা,অৰৰাৰ লীলা বৰ্মণ,বেলশৰৰ ৰেনু বৰ্মণ,অঞ্জু বৰ্মণ, বালিকুছিৰ কল্পনা কলিতা ,জয়মতী কলিতা,ফুলেশ্বৰী কলিতা ,দেৱী কলিতা ,কুৱৰী কলিতা পুতুলী কলিতা আদিৰ পৰিয়ালে কালিৰে পৰা যাত্ৰীকেইজনৰ লগত পোনপোটীয়াকৈ যোগাযোগ চলাই খা-খবৰ লোৱাৰ পৰা বঞ্চিত হৈ পৰিছে। ইয়াকৈ লৈ যাত্ৰীসকলৰ পৰিয়ালকেইটাই চৰম উৎকন্ঠা আৰু অনিশ্চয়তাৰ মাজেৰে সময় পাৰ কৰিব লগীয়া হৈছে।অানহাতে পৰিয়ালৰ লোকে আত্মীয় সকলৰ লগত সঘনাই যোগাযোগ অব্যাহত ৰাখিছে যদিও বাৰে বাৰে বিফল হৈছে ।একাংশ পৰিয়ালৰ লোকে পুৰীৰ হেল্প লাইন নম্বৰত বাৰে বাৰে যোগাযোগ কৰিছে যদিও পৰিয়ালৰ খবৰ লাভ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। পুৰীৰ মন্দিৰৰ সমীপৰ মনিপুৰী আশ্ৰম নামৰ তিনিমহলীয়া অতিথিশালাত যাত্ৰীকেইগৰাকী আশ্ৰয় লৈ আছিল যদিও সম্প্ৰতি তেওঁলোকক কত ৰখা হৈছে সেয়া নিশ্চিত নহয় পৰিয়ালবৰ্গ। উক্ত অতিথিশালাটোত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০ গৰাকীৰো অধিক তীৰ্থযাত্ৰী আছে বুলি খবৰ পোৱা গৈছে।এইক্ষেত্ৰত পৰিয়াল তথা আত্মীয়ই অসমৰ আটাইকেইগৰাকী তীৰ্থযাত্ৰী নিৰাপদে ঘৰলৈ অহাৰ কামনা কৰি অসম চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে।
পুৰীত আৱদ্ধ নলবাৰীৰ তীৰ্থ যাত্ৰী পৰিয়ালত হাহাকাৰ : চৰকাৰক ব্যাৱস্থা গ্ৰহনৰ আহ্বান
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026