মাতৃ স্নেহৰ অনন্য নিদৰ্শন:বিলাসীপাৰাত ৫০ বছৰ পিছত বাংলাদেশ , নিউজিলেণ্ড, আমেৰিকাৰ পৰা আহি উপস্থিত পৰিয়াল

w

 বিলাসীপাৰা:– মাতৃৰ প্ৰতি সন্তানৰ কেনেকুৱা মৰম স্নেহ শ্ৰদ্ধা থাকিব পাৰে ,তাৰেই যেন এক অনন্য নিদৰ্শন দেখিবলৈ পোৱা গ’ল পশ্চিম অসমৰ বিলাসীপাৰা মহকুমাৰ টিলাপাৰা আঞ্চলিক কৱৰস্থানত। মাতৃৰ কৱৰ জিয়াৰৎ কৰিবলৈ প্ৰায় ৫০ বছৰ পিছত সুদুৰ বাংলাদেশৰ ঢাকা, নিউজিলেণ্ড আৰু আমেৰিকাৰ পৰা সন্তান সহ আত্মীয় আহি উপস্থিত হল টিলাপাৰা আঞ্চলিক কৱৰস্থানত । দৰাচলতে আজিৰ পৰা প্ৰায় ৫০ বছৰ আগত কৱৰস্থানটোত কৱৰ দিয়া হৈছিল এজনী দুৰ্ভোগীয়া মাতৃৰ মৃতদেহ । সেয়া আছিল ১৯৭১ চনৰ কথা। সেই সময়ত বাংলাদেশ-পাকিস্তানৰ ভয়ঙ্কৰ যুদ্ধ চলি আছিল । অশান্ত হৈ পৰিছিল সমগ্ৰ বাংলাদেশ । পাকিস্তানীৰ হাতৰ পৰা কেনে মতে প্ৰাণটাকি জন্মভূমি বাংলাদেশ এৰিছিল বহু পৰিয়ালে । সেই সময়ত এটি দুৰ্ভোগীয়া দম্পতীয়ে নিজ পুত্ৰক বুকুত লৈ প্ৰাণৰ মমতাত বাংলাদেশ শৰনাৰ্থী হিচাপে অশ্ৰায় গ্ৰহণ কৰিছিল ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ টিলাপাৰাত । অসমত তেতিয়া আহাৰ মহীয়া বানৰ তাণ্ডৱ চলি আছিল । এফালে চলিছিল বান পানীৰ তাণ্ডৱ আনফালে অচিন ৰোগৰ সন্ত্ৰস | ফলত আক্ৰান্ত হৈছিল অসংখ্যজনে । কঠিন ৰোগত আক্ৰান্ত হৈ বিলাসীপাৰা মহকুমাৰ শালকোচাত মৃত্যু হৈছিল শৰনাৰ্থী পৰিয়াল আব্দুল কৰিমৰ স্ত্ৰী কুৰছী বেগমে । উল্লেখ্য যে সেই সময়ত বানপানীৰ কৱলত বিলাসীপাৰাৰ অধিকাংশ অঞ্চলৰ সকলোবোৰ কৱৰস্থান বানৰ পানীত ডুব গৈছিল আছিল । পিছত স্থানীয় ৰাইজৰ সহযোগত দুৰ্ভোগীয়া পৰিয়ালটোৰ কুৰছী বেগমৰ মৃত দেহ লৈ অহা হৈছিল ওখ স্থানৰ টিলাপাৰা আঞ্চলিক কৱৰ স্থানলৈ । তাতেই দাফন (কৱৰস্থ) কৰা হৈছিল কুৰছী বেগমৰ মৃত দেহ । বৰ্তমান ধুবুৰী জিলাৰ ভিতৰত অন্যতম বৃহত্তৰ টিলাপাৰা আঞ্চলিক কবৰস্থানত তেতিয়া কেৱল দুজন ব্যক্তিৰ মৃত দেহ কবৰ দিয়া হৈছিল আৰু কুৰছী বেগমৰ মৃত দেহ আছিল তৃতীয় নম্বৰত । তাৰ তিনি মাহ পিছত যুদ্ধৰ অৱসান ঘটি বাংলাদেশ স্বাধীন হৈছিল | পৰিস্থিতি শান্ত হোৱাত কুৰছী বেগমক হেৰুওৱা পিতা-পুত্ৰই আকৌ উভতি গৈছিল বাংলাদেশ লৈ। জন্মভূমি বাংলাদেশত গৈ পিতা পুত্ৰই বসতি আৰম্ভ কৰিছিল । সময়ৰ গতিত পুত্ৰ ৱাজেদ আলীয়ে কৰ্ম সংস্থানৰ বাবে নিউজিলেণ্ড লৈ গৈছিল আৰু বাংলাদেশত থকা সৰু ভনী এজনীয়ে বি এ পাছ কৰি আমেৰিকা বিবাহ পাশত আৱদ্ধ হৈ তাতেই সংসাৰিক জীৱন আৰম্ভ কৰিছিল। বৰ্তমানে পৰিয়ালটিৰ কেইজনমান ব্যক্তি বাংলাদেশ আৰু নিউজিলেণ্ড তথা আমেৰিকাৰ স্থায়ী বাসীন্দা লাভ কৰে । শেহতীয়া ভাৱে মাতৃৰ স্নেহই ভাতৃ-ভগ্নীক সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা লৈ আহিছে ধুবুৰীৰ টিলাপাৰাত । নিজ মাতৃৰ কৱৰ জিয়াৰৎ কৰিবলৈ দায়িত্ব পৰায়ণ সন্তান ৱাজেদ আলী আৰু কন্যাই নিউজিলেণ্ড আমেৰিকাৰ পৰা ভিছা কৰি কালি বিলাসীপাৰাত উপস্থিত হয় । তিনিখন দেশৰ পৰা ভাতৃ-ভগ্নীসহ দুৰ্ভোগীয়া মাতৃৰ আত্মীয়ৰ এঘাৰ জনীয়া এটি দল আহি উপস্থিত হয় বিলাসীপাৰাত। পিছত টিলাপাৰাবাসীৰ লগত যোগাযোগ কৰি কালি কৱৰস্থান খনত উপস্থিত হৈ ধৰ্মীয় ৰীতি অনুসৰি মাতৃৰ মাগফেৰাৎৰ (প্ৰাৰ্থনাৰ ) উৰ্দেশ্যে বিশেষ দোৱা পাঠ কৰে ।

Exit mobile version