মাটিয়া :
উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি)ৰ উন্নীতকৰন প্ৰক্ৰিয়াত একাংশ অসাধু লোকে বিধি পথালি দিয়াৰ অভিযোগ উঠিছে । এন আৰ চিৰ শুনানিৰ নামত অযথা হাৰাশাস্তিৰ সন্মুখীন হৈছে একাংশ ৰাইজ । ইপিনে আপত্তি দৰ্শোৱা লোক উপস্থিত নোহোৱাকৈ চলি আছে শুনানি প্ৰক্ৰিয়া । আজি এ আই ইউ ডি এফৰ জিলা উপসভাপতি আব্দুল হাইয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এন আৰ চিৰ শুনানি কেন্দ্ৰত উপস্থিত হৈ কয় যে বৰপেটা জিলাৰ মৌখোৱা চৰৰ আনোৱাৰা খাতুনৰ নামত জিলা খনৰ চেঙাৰ খনীন পাঠকে আপত্তি দৰ্শাইছিল যদিও আজি শুনানিত উপস্থিত হোৱা নাই। এনেদৰে ভূৱা অভিযোগৰে মহিলা গৰাকীক হাৰাশাস্তি কৰিছে।কেৱল আনোৱাৰা খাতুনে নহয় গোৱালপাৰা জিলাৰ লগতে বিভিন্ন জিলাত হেজাৰ হেজাৰ লোকক শুনানিৰ নামত ব্যাপক হাৰাশাস্তি কৰিছে বুলি অভিযোগ উঠিছে । এই ক্ষেত্ৰত এন আৰ চিৰ শুনানিৰ নামত চলি থকা ভূৱা অভিযোগ কাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহনৰ লগতে নিৰীহ লোকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে সজাতি দলটোৱে ।





























