ৰঙিয়াত স্বদেশীক বিদেশী সজাই ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ:পৰিয়ালত হাহাকাৰঃকৃষক সভাৰ বিক্ষোভ

qq

ৰঙিয়া :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰাজ্যখনত লাখ লাখ হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ প্ৰচেষ্টা চলোৱা বুলি ৰাজ্যৰ শতাধিক দল সংগঠনে তাল আফাল লগোৱাৰ সময়তে ৰঙিয়াত চাৰিগৰাকী স্বদেশীক বিদেশী সজাই ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উথ্থাপিত হৈছে । ফলত তেওঁলোকৰ পৰিয়ালত হাহাকাৰৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিবাদত আজি নিখিল ভাৰত কৃষক সভাই ৰঙিয়া থানাৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । নিখিল ভাৰত কৃষক সভাৰ অভিযোগ অনুসৰি ৰঙিয়া ২নং তুলসীবাৰীৰ সন্তোষ বিশ্বাস (৬৬) আৰু দিলীপ বিশ্বাস( ৪৮) আনহাতে ৰঙিয়া ইছাপুৰৰ মৰ্জিনা বেগম(৬০)আৰু তেওঁৰ পুত্ৰ চবেদ আলীক(৩৫) ৰঙিয়া সীমান্ত আৰক্ষীয়ে আজি থানাত মাতি পঠায়। কোনোধৰনৰ লিখিত জাননী অবিহনে অকল মৌখিক নিৰ্দেশত তেওঁ লোকক থানাত মাতি পঠায় বুলি জানিবলৈ দিয়ে। আৰক্ষীৰ নিৰ্দেশক সম্মান জনাই আজি তেওঁলোকে ৰঙিয়া থানাত আহি উপস্থিত হয়। থানাত অহাৰ লগে লগে সীমান্ত আৰক্ষীয়ে তেওঁলোকক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্বাক্ষৰৰ প্ৰয়োজন থকা বুলি কৈ আৰু স্বাক্ষৰ কৰাৰ পিছতেই ওভতাই অনাৰ প্ৰতিশ্ৰুতিৰে গাড়ীত উঠাই লৈ যায়। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়াৰ পিছত সীমান্ত আৰক্ষীয়ে তেওঁলোকক গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে বুলি জনা গৈছে। উল্লেখ্য দীৰ্ঘদিন ধৰি তুলসীবাৰী অঞ্চলত বসবাস কৰা বিশ্বাসৰ পৰিয়ালক ১৯৮৯ চনতেই গুৱাহাটী ভৰলুমুখ থানাত থকা বিদেশী ন্যায়াধিকৰণ সদস্য শ্ৰীমতি বি, কে, দাসে দোষমুক্ত কৰিছিল। অকল সেয়াই নহয় তেওঁলোকৰ লিগেছি থকাৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতো কোনো ধৰনৰ জাননী জাৰি নকৰি ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰাত ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে মৰ্জিনা বেগম আৰু চবেদ আলীৰ পৰিয়ালৰ ১৯৭১ চনৰ পূৰ্বৰ সকলো নথি পত্ৰ থকা স্বত্বেও তেওঁলোকক ডি ভোটাৰ কৰি ৰখাৰ লগতে আজি তেওঁলোককো গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে ।এই ঘটনা প্ৰচাৰ হোৱাৰ লগে লগে নিখিল ভাৰত কৃষক সভাৰ তৰফৰপৰা মোছাৰেফ হুছেইন, নৃপেন নাথ, ভুৱনেশ্বৰ লহকৰ, শৰৎ কলিতা, সঞ্জীৱ মহন্তৰ নেতৃত্বত এদল সদস্যই ৰঙিয়া থানাৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰী সকলে স্বদেশীক বিদেশী সজোৱা নচলিব, মোদী চৰকাৰ হায় হায়, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম থকা নাগৰিকক হাৰাশাস্তি কৰা নচলিব, মুখ্যমন্ত্ৰী হুছিয়াৰ আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । ভাৰতীয় নাগৰিকক এই দৰে পৰিকল্পিত ভাৱে হাৰাশাস্তি কৰিলে সভাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। উল্লেখ্য বিশ্বাসৰ পৰিয়ালে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল। কোনোধৰনৰ আগজাননী নিদিয়াকৈ হঠাৎ তেওঁলোকক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰাত পৰিয়াল দুটাত হাহাকাৰৰ সৃষ্টি হৈছে ।অকল সেয়াই নহয় কন কন শিশু কিশোৰ সহ অন্যান্য সকলে এক অনিশ্চিত ভৱিষ্যতত নিমজ্জিত হোৱাত মূৰত স্বৰগ ভাঙি পৰে। পৰিয়ালত উঠে কান্দোনৰ ৰোল।

Exit mobile version