নগাঁও: নগাঁও জিলাৰ পুৰণিগুদামত জিলিকি উঠিছে সাতাম পুৰুষীয়া সম্প্ৰীতি। জিলা খনৰ পুৰণিগুদামত হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰতিৰ ৰঙাচূড়া স্বৰূপ ৰূপে ১১৭বছৰে জিলিকি আহিছে বৰ মছজিদৰ মিনাৰটো।অৱশেষত এই প্ৰাচীন ঐতিহ্যটো নিখুঁত আৰু অক্ষত ৰূপত স্থানান্তৰকৰণৰ কাম ইতিমধ্য সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। বিগত প্ৰায় এমাহৰ পৰা মিনাৰটো স্থানান্তৰকৰণৰ কাম হাতত লোৱাৰ পাছতেই প্ৰতিকূল বতৰকো নেওচি ক্ষীপ্ৰগতিত মিনাৰটোৰ স্থানান্তকৰণৰ কাম আগবঢ়াৰ পাছতেই ইতিমধ্য ইয়াৰ স্হানান্তৰৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। উল্লেখ্য যে,১৯০২ চনতে স্থানীয় ছাজিদুৰ ৰহমানৰ মাতৃৰ আৰ্থিক সাৰ্হায্যৰে সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা মিনাৰটোৰ সাম্ভাব্য উচ্ছেদ জাননী পাই নিৰাশ হোৱা পুৰণিগুদাম বাসীয়ে চৰকাৰী পক্ষক বাৰে বাৰে আৱেদন-নিবেদন কৰিছিল যদিও ঐতিহাসিক এই পৌৰাণিক কীৰ্ত্তিস্তম্ভতো ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল ।শাসনাধিষ্ঠ চৰকাৰক পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামীয়া নামৰ সংগঠনটোৰ লগতে পুৰণিগুদামৰ বহু স্থানীয় সমাজ সচেতন ব্যক্তিয়ে আৱেদন-নিবেদন কৰিছিল যদিও চৰকাৰে মছজিদ সমিতিক মিনাৰটো উচ্ছেদৰ হে নিৰ্দেশ দিছিল ।পাছত ঐতিহাসিক মিনাৰটোলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অহা ভাবুকিৰ কথা জানিব পাৰি যোৰহাটৰ এজন কাৰিকৰী যুৱক ৱাকিল আহমেদ আগবাঢ়ি আহি প্ৰথমে এক থলুৱা প্ৰযুক্তিৰ জৰিয়তে মিনাৰ স্থানান্তৰকৰণ সম্ভৱ হব পাৰে বুলি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বৰ্তমান কৰ্মৰত “আৰ.আৰ. এণ্ড চনছ”নামৰ কোম্পানীটোৰ লগত যোগসূত্ৰ স্থাপন কৰি দিছিল। ইফালে পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বৰ মছজিদত চলি থকা এই বিৰল কাৰ্যক নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ এতিয়া নিতৌ মছজিদ প্ৰাঙ্গণত ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত দৰ্শনাৰ্থী তথা পথচাৰীয়ে। আনফালে অসমৰ বিভিন্ন ঠাইৰ ইচ্ছুক লোকে পুৰণিগুদামবাসীৰ এই চিৰস্মৰণীয় কাৰ্যত নিজেও সহযোগ তথা অংশগ্ৰহণ কৰাত ইতিমধ্য উৎফুল্লিত হৈ পৰিছে পুৰণিগুদামবাসী ।অচিৰেই এই ঐতিহাসিক মিনাৰটোক নিদ্দিষ্ট স্হানলৈ স্হানান্তৰৰ কাম সম্পূৰ্ণ হ’ব। অৱশ্যে বতৰ ঠিকে থাকিলে চলিত সপ্তাহৰ ভিতৰতে নিৰ্ধাৰিত স্থানত কীৰ্তিস্তম্ভ স্বৰূপ মিনাৰটো বিজ্ঞান সন্মত ৰূপত পুনঃসংস্থাপন কৰিব পৰা যাব বুলি আশা কৰিছে উদ্যোক্তা সকলে। পুৰণিগুদাম বাসীয়েও সকলো শুভাকাংক্ষীৰ পৰা আশীষ আৰু দোৱা বিছাৰিছে যাতে পুনৰ আকৌ সম্প্ৰতিৰ ধ্বজাবাহক হিচাবে পৰিচিত মিনাৰটো নগাঁৱৰ পুৰণিগুদামত যুগযুগান্তৰলৈ শিৰ উচ্চ কৰি থিয় হৈ ৰ’ব পাৰে ।পুৰণিগুদামৰ পৰা যাতে এই ঐতিহ্যই পুনৰ সম্প্ৰীতিৰ বাৰ্তা বিলাব পাৰে মানুহৰ পৰা মানুহলৈ।
নগাঁৱৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ চহকী চানেকি পুৰণিগুদামৰ ১১৭বছৰীয়া মিনাৰ
-
By publisher

- Categories: News
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026