ডুমডুমা: ভাৰতৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ম্যানমাৰত শিবিৰ পাতি থকা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহক উৎখাত কৰাৰ বাবে ম্যানমাৰ সেনাই যোৱা ফেব্ৰুৱাৰী মাহত চলোৱা অভিযানৰ পাছত চলিত বৰ্ষতো প্ৰায় ১৯ জন আলফা সদস্যই আত্মসমৰ্পণ কৰিছে ৷ ম্যানমাৰৰ ঘন বনাঞ্চলত স্থাপিত টাডা কেম্পৰ পৰিচালকৰ দায়িত্ব ভাৰ লাভ কৰা দুধৰ্ষ আলফা মৃদুল বুঢ়াগোহাঁইয়ে সশস্ত্ৰ সংগঠনটোক কুঠাৰঘাট কৰি অসম আৰক্ষীৰ ওচৰত আজি আত্মসৰ্ম্পন কৰিলে ৷ আলফাৰ দুধৰ্ষ নেতাজনে আজি শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসৰ্মপণ কৰে ৷ আলফা স্বাধীনৰ ম্যানমাৰৰ টাডা কেম্পৰ পৰিচালকৰ দায়িত্বত থকা মৃদুল বুঢ়াগোহাঁই(৩৬) ওৰফে দেৱজিৎ অসম ওৰফে বিক্ৰম চাউদাঙে ম্যানমাৰ সেনাই আলফা স্বাধীনৰ কেম্পত অতৰ্কিতে আক্ৰমণ চলোৱাৰ পিছতে সংগঠনৰ আন সদস্যসকলৰ সৈতে পলায়ন কৰি অসম আৰক্ষীৰ ওচৰত আত্মসৰ্ম্পন কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ বুঢ়াগোহাঁইৰ ঘৰ শদিয়া সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চপাখোৱা গাঁৱত ৷ বৰ্তমান আলফা নেতাজন মেলেৰীয়া ৰোগত আক্ৰান্ত ৷ বুঢ়াগোহাঁইৰ সতীৰ্থ আলফা ডিৰাক সোণজান গাৱঁৰ বাবুল মৰাণ (২৬) ওৰফে টিগাৰ অসম, জাগুনৰ বিনোদ দহোটীয়া(২৪) ওৰফে স্বদেশ অসম আৰু চন্দ্ৰকান্ত বৰগোহাঁই(২৮) ওৰফে টিপং অসমক জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ ওচৰত আত্মসৰ্ম্পণ কৰে ৷ এই তিনি আলফা সদস্যই আৰক্ষী অধীক্ষকৰ ওচৰত এটা একে-৮১, এটা একে-৫৬, এটা এইছ কে-৩৩ ৰাইফল, একে-৮১ ৰাইফলৰ ৫ জাই সক্ৰিয় গুলী, তিনিজাই এইছ কে-৩৩ ৰাইফলৰ গুলী, একে-৫৬ ৰাইফলৰ এটা মেগজিন, চীনত নিৰ্মীত দুটা হেণ্ড গ্ৰেনেড, ৭.৬২ এম এম পিষ্টলৰ ২৭৯ ৰাউণ্ড সক্ৰিয় গুলী, ৫.৫৬ এম এম পিষ্টলৰ ১৪৬ ৰাউণ্ড সক্ৰিয় গুলীকে আদি সামগ্ৰী জমা দিয়ে ৷
ম্যানমাৰত আলফা (স্বাঃ)ৰ টাডা কেম্পৰ পৰিচালকৰ দায়িত্বত থকা মৃদুল বুঢ়াগোহাঁইসহ ৪ জনৰ আত্মসমৰ্পণ
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026