দলগাঁও: দৰং আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীয়ে যোৱা নিশা চলোৱা এক যুটীয়া অভিযানত শিলবৰী অঞ্চলৰ দিশেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ মূহূৰ্তত অস্ত্ৰ- শস্ত্ৰসহ তিনিজন দূৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে ৷ চিকাৰী তিনিজনৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফল, এটা চাইলেঞ্চাৰ, এখন বৃহৎ আকাৰৰ খুকুৰি, এঘাৰ জাঁই সক্ৰিয় গুলী, ৰচদ- পাতি আদি উদ্ধাৰ হৈছে ৷ ধৃত চিকাৰী কেইজন হৈছে হাইলাকান্দিৰ কাটলিচৰা থানাৰ পালৈচুৰা গাঁৱৰ সাগৰ সিং ( বৰ্তমান অৰুণাচল নিৱাসী ) , বালিজান পথাৰৰ সমীৰ আলী (২২) আৰু ঢেকিয়াজুলিৰ শিঙিমাৰীৰ মৰুজ আলী (২৮) ৷ দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত চলিছিল এই সফল অভিযান ৷ আৰক্ষীৰ জেৰাত চিকাৰীকেইজনে কোৱা মতে অসম ৰাইফলচৰ পলৰীয়া জোৱান সাগৰক অৰুণাচলৰ পৰা গঁড় চিকাৰ কৰিবলৈ “চাৰ্প চুটাৰ” ৰূপে অনা হৈছিল আৰু বাকী দুজনে অস্ত্ৰ যোগান ধৰাৰ লগতে স্থানীয় “গাইড” হিচাপে চিকাৰৰ পৰিকল্পনা ৰচিছিল ৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গ্ৰেপ্তাৰ তিনি সশস্ত্ৰ চোৰাং চিকাৰী
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026