মৰিগাঁও : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত একাংশ লোকে ভূৱা নথি পত্ৰৰে নিজৰ নাম সোমোৱাবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাৰ সময়তে আজি মৰিগাঁৱত এন আৰ চিৰ ভুৱা নথিপত্ৰ প্ৰস্তুতকাৰী এটা চক্ৰ গ্ৰেপ্তাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে জাগীৰোডৰ এটা এন আৰ চি পৰীক্ষণ কেন্দ্ৰই ৰোকচানা খাতুন নামৰ মহিলাগৰাকীক তেওঁৰ নথিপত্ৰ এন আৰ চি কেন্দ্ৰত পুনৰীক্ষণৰ বাবে এন আৰ চি কতৃপক্ষক জমা দিবলৈ কোৱাত মহিলাগৰাকীয়ে জমা দিয়া জন্মৰ প্ৰমান পত্ৰত দুটাকৈ জন্মৰ তাৰিখ (১-১-০১) আৰু আৰু (১-১-১৯৯৬) বুলি উল্লেখ থকাৰ লগতে দুয়োখন জন্মৰ প্ৰমানপত্ৰৰে ক্ৰমিক নং ০৯৪৭২৮ আৰু ২৯৯৭২৮ বুলি উল্লেখ থকাত এন আৰ চি পৰীক্ষণ বিষয়া গৰাকীয়ে জাগীৰোড থানাত ২৯৭/১৯ নং এক গোচৰ ৰুজু কৰে ৷ সেইমৰ্মে আৰক্ষীয়ে অভিযান চলাই মৈৰাবাৰী বৰথল দলৈগাৱৰ পৰা মোজ্জামিল হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে মোজ্জামিলৰ স্বীকাৰোক্তিৰ ভিত্তিত গৰৈমাৰী বিল নিগম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হজৰত আলীক কৰায়ত্ত কৰে ৷ আৰক্ষীয়ে ধৃত লোক দুজনৰ জিম্মাৰ পৰা ৭১ খন জন্মৰ প্ৰমান পত্ৰ, দুখন মৃত্যুৰ প্ৰমানপত্ৰ, ১৩ খন পান কাৰ্ড, ১৫৮ খন গাঁওবুঢ়াৰ প্ৰমানপত্ৰ আৰু চাৰি খন ভোটৰ id কাৰ্ডৰ লগতে বিভিন্ন ধৰণৰ নথিপত্ৰ জব্দ কৰিছে ৷
মৰিগাঁৱত এন আৰ চি ৰ ভুৱা নথি যোগানকাৰী চক্ৰ আটক
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026