তামুলপুৰত অন্ধ্ৰ প্ৰদেশৰ যুৱতী: চাইকেল চলাই অভিলেখ গঢ়াৰ মন জ্যোতি ৰংগালাৰ

ggg 1

 

তামুলপুৰ: ভাৰতৰ ৰাজ পথ সমুহ মহিলাৰ বাবে সুৰক্ষিত এই বাৰ্তা বিলোৱাৰ  লক্ষ্যৰ লগতে গ্ৰীনিজ বুকত নিজৰ নাম অন্তৰ ভূক্তিৰ বাবে দৈনিক ১০০ কি:মি চাইকেলেৰে পৰিভ্ৰৰন কৰা এগৰাকী যুৱতী জ্যোতি ৰংগালা। হৃদয়ত আশা আৰু হেঁপাহৰ স্বপ্নময় প্ৰতিশ্ৰুতি ।বুকুত অদম্য সাহস মহিলাসকলৰ বাবে কিবা এটা কৰাৰ । সূদুৰ অন্ধ্ৰ প্ৰদেশৰ  ইষ্ট গোদাৱৰী জিলাৰ য়েলুৰু গাওৰ এম বি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা এগৰাকী  যুৱতী  জ্যোতি ৰাংগালা । অসমৰ আতিথ্যত বিশেষ ভাৱে সূখী জ্যোতি ৰাংগালা । অসম আৰু অসমীয়া লগতে বড়ো জনগোষ্ঠীৰ খাদ্যৰ জুতি লৈ আপ্লুত জ্যোতি ৰাংগালা । ২০১৯ ইংৰাজী বৰ্ষৰ জানুৱাৰী মাহৰ ৮ তাৰিখে চাইকেলেৰে  ত্রিশ হাজাৰ পথ অতিক্ৰম কৰাৰ সূদীৰ্ঘ লক্ষ্যৰে ইতিমধ্যে সোতৰখন ৰাজ্য অতিক্ৰম কৰি অসমৰ বাগসা জিলাৰ তামুলপুৰত উপস্থিত হয় জ্যোতি ৰাংগালা আজি দিনৰ ভাগত। সাংবাদিকৰে হোৱা সাক্ষাতকাৰত তেওঁ কয় যে অসম এখন ধুনীয়া ৰাজ্য । অসমত পূৰুষ মহিলা সকলোৰে এটা ভাল মন আছে আৰু নিজৰ কামত সকলোৱে সমানভাৱে আগৱাঢ়ি যোৱা পৰিলক্ষিত হয়। অসমত  পানী বহুত বুলি উল্লেখ কৰি  ইয়াৰ বাট পথ সূচল বুলি মন্তব্য কৰে জ্যোতিয়ে । ভাৰতৰ বাট পথ মহিলাৰ বাবে যে সুৰক্ষিত তাকে প্ৰমান কৰাৰ প্ৰয়াস জ্যোতিৰ । জ্যোতিৰ মতে ভাৰত এখন অতিথি পৰায়ন দেশ  ৷ সেয়ে হাতত এটকাও নোহোৱাকৈ ইতিমধ্যে ১৪ হাজাৰ পথ অতিক্ৰম কৰি ভাৰত ভূটান সীমান্তৰ দৰঙা মেলাৰ এটি পৰিয়ালত যোৱা নিশা আশ্ৰয় লৈ যঠেষ্ট সূখী বুলি আগ্ৰহেৰে প্ৰকাশ কৰে জ্যোতিয়ে । খোৱা লোৱাৰ পৰা থকা মেলালৈ পথত লগ পোৱা শুভকাংখীৰ অাতিথ্যক আগ্ৰহেৰে গ্ৰহন কৰে যদিও কেতিয়াবা মন্দিৰ মছজিদতো নিশা পাৰ কৰিব লগা হয় জ্যোতিয়ে । এক সূন্দৰ পৰিক্ৰমাৰে এপইছাও হাতত নোহোৱাকৈ সূদীৰ্ঘ ত্রিশ হাজাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে আজি তেজপুৰৰ অভিমূখে ৰাওনা হয় জ্যোতিয়ে । এই বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত ত্রিশ হাজাৰ পথ অতিক্ৰম কৰিৱ জ্যোতি ৰাংগালাই । তেওঁ অসমৰ প্ৰতিগৰাকী ব্যক্তিকে উষ্ম আদৰণি জনায় আৰু অসমবাসী ৰাইজৰ শলাগ লয় । ভবিষ্যতে সংসাৰ কৰাৰ পৰিকল্পনা কৰাৰ লগতে এভাৰেষ্ট শৃংগ আৰোহন কৰাৰ পৰিকল্পনা যুগুত কৰিছে জ্যোতিয়ে । যাত্ৰা কালত বিভিন্ন জনে তেওঁক আৰক্ষীৰ সহায় লোৱাৰ কথা কৈছিল যদিও জ্যোতিৰ স্পষ্ট কথা মই ভাৰতৰ মহিলা সকল ৰাদ পথত সুৰক্ষি এই কথা প্ৰতিপন্ন কৰাৰ বাবেই ওলায় আহিছো তেনে ক্ষেত্ৰত আৰক্ষীৰ সহায় লোৱাৰ প্ৰশ্মই আহিব নোৱাৰে ৷

Exit mobile version