তেজপুৰ : দেশৰ সপ্তদশ নিৰ্বাচনৰ তেজপুৰ সমষ্টিৰ তেজপুৰ দৰং কলেজস্থিতভোট গননা কেন্দ্ৰত লাভ কৰা তথ্য অনুসৰি ১১ লাখ ৭৮ হাজাৰ ৩২০ টা ভোটৰ ভিতৰত ৫৭.৪৮ শতাংশ অৰ্থাৎ ৬ লাখ ৭৭ হাজাৰ ২৯০টা ভোট লাভ কৰি বিজয়ী নিশ্চিত কৰিছে পল্লব লোচন দাসে। ৰঙাপৰা সমষ্টিৰ ৪টা ভিভিপেড বিকল হোৱাৰ বাবে আৰু ৪৯০৪টা ভোট গননা কৰিব বাকী আছে। উল্লেখ্য বিজেপি প্ৰাৰ্থী গৰাকীয়ে ২লাখ ৪০ হাজাৰ ৩৪৫টা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এম জি ভি কে ভানুক পৰাজিত কৰাটো নিশ্চিত কৰে। তেজপুৰ লোক সভাৰ অন্তৰ্গত পাচটা বিধান সভা সমষ্টিৰ ঘোষিত অনুষ্ঠানিক ফলাফল অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে ৪ লাখ ৩৪ হাজাৰ ৯৪৫টা ভোট লাভ কৰে। আনহাতে এন চিপিৰ মহেন্দ্ৰ ভূঞাই ৬৩৩৯টা,ভিপিআইৰ মহেন্দ্ৰ ওৰাঙে ৭৯০৫ টা, এন পিপি ৫৭৪৩টা, নিৰ্দলীয় জীয়াবুৰ ৰহমান খানে ৫০৬৮ আৰু নিৰ্দলীয় বিজয় কুমাৰ তিৰুৱে ২৩৫৩৩টা ভোট লাভ কৰাৰ বিপৰীতে নটাত পৰে ১৫৪৯৭টা ভোট। বিজয় নিশ্চিত হোৱাৰ পাছতে পল্লব লোচন দাসে তেওঁৰ বিজয়ৰ বাবে সংবাদ মাধ্যমৰ আগত তেজপুৰ লোক সভা সমষ্টিৰ অন্তৰ্গত ৮টা বিধান সভা সমষ্টি বিহপুৰীয়া, গহপুৰ, বিহালী, বিশ্বনাথ, চতিয়া, ঢেকীয়াজুলি আৰু বৰছলা সমষ্টিৰ বিজেপি বিধায়ক সকলৰ শলাগ লৈ তেওঁলোকৰ আন্তৰিক সহযোগিতাৰ বাবে সম্ভৱ হোৱা বুলি কয়।
তেজপুৰতবিজয়ী বিজেপিৰ পল্লব লোচন
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026