জাগীৰোড: নগাওঁ কাগজ কলৰ সন্মুখত আজি পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে কৰ্মচাৰী সকল ৷ এন চি এল টিয়ে শেহতীয়াকৈ হিন্দুস্থান কাগজ নিগমক দেউলীয়া ঘোষণা কৰা লিকুইডেশ্বন মানি নলয় কৰ্মচাৰী সকলে৷ অতি শীঘ্ৰে ৰাজহুৱা খণ্ডৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দাবী জনায় কলটোৰ কৰ্মচাৰীয়ে ৷ লগতে কৰ্মচাৰী সকলৰ অনাদায় দৰমহা আদায়ৰো দাবীত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ ইফালে এন চি এল টিয়ে দেউলীয়া ঘোষণা কৰাৰ পিছতে কলটোৰ সুৰক্ষা প্ৰক্ৰিয়া সালসলনি কৰাত ক্ষুদ্ধ হৈ পৰে কলটোৰ কৰ্মচাৰী সকল ৷ এয়া কলটোক ব্যক্তিগতকৰণৰ এক প্ৰক্ৰিয়া বুলি অভিযোগ কৰি ব্যক্তিগতখণ্ডক হস্তান্তৰ কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হব বুলিও হুংকাৰ দিয়ে ৷ লগতে ইয়াৰ বাবে দায়ী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ হব বুলিও সকিয়াই দিয়ে ৷ ইতিমধ্যে কাগজ কলটোৰ লিকুইডেশ্যন উঠাই লবলৈ এন চি এল টিত গোচৰ তৰিছে কাগজ কল কৰ্মী ইউনিয়নে। যিহেতু ভাৰত চৰকাৰৰ অধীনৰ হিন্দুস্থান কাগজ নিগম, সেয়ে কাগজ নিগমক দেউলীয়া ঘোষণা কৰা মানে চৰকাৰখনকে দেউলীয়া ঘোষণা কৰা বুলি মন্তব্য কৰি এয়া চৰকাৰখনৰ বাবে চৰম লজ্জাজনক বিষয় বুলি অভিহিত কৰে কৰ্মচাৰী সকলে ৷ আনহাতে এন চি এল টিয়ে কলটোৰ সন্দৰ্ভত পৰিকল্পনা দাখিল কৰিবলৈ চৰকাৰক বান্ধি দিয়া এমাহৰ সময়সীমা উকলি যোৱাৰ উপক্ৰম হৈছে যদিও আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহন কৰা নাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও যিকোনো প্ৰকাৰে আইনৰ সহায় লৈ হলেও নগাওঁ আৰু কাছাৰ কাগজ কলদুটা কাৰ্যক্ষম কৰা হ’ব বুলি কৰা সদম্ভ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল ৷ সেয়ে অতি শীঘ্ৰে কল দুটাক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কৰ্মচাৰী সকলে
নগাঁও কাগজ কলত পুনৰ আন্দোলন
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026