নগাঁও : এগৰাকী মহিলাই কালি বেংকৰ এ টি এমৰ পৰা ধন উলিয়াবলৈ যাঁওতে তেওঁক টকা উলিওৱাত সহায় কৰি দিয়াৰ চলেৰে এজন দুৰ্বৃত্তই মহিলা গৰাকীৰ ধন কৌশলেৰে উলিয়াই নিয়াৰ ঘটণাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই এইবাৰ এ টি এম হেকাৰৰ কবলত পৰিল এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। জানিব পৰা মতে, নগাঁও চহৰৰ হয়বৰগাঁও ষ্টেট বেংকৰ এগৰাকী গ্ৰাহক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল জলিলৰ পৰা হেকাৰে লুটি নিলে ৭,৭৪,৯৮৯ টকা। অৱসৰপ্ৰাপ্ত এই শিক্ষক গৰাকীৰ একাউণ্টৰ পৰা হেকাৰে চাৰি দিনত লুট কৰি নিলে উল্লেখিত পৰিমাণৰ ধন ৰাশি। নগাঁৱৰ জুৰীয়াৰ মাহিৰীপাৰৰ বাসিন্দা তথা উত্তৰ খাটোৱাল প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল জলিলৰ হয়বৰগাঁও ষ্টেট বেংকত থকা ১০৭০৭৪০৩১৩০ নম্বৰৰ একাউণ্টটোৰ পৰা হেকাৰে লুট কৰিছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে ব্যৱহাৰ কৰা ফোন নম্বৰটো নিষ্ক্ৰিয় কৰি সেই একে নম্বৰৰ অন্য এখন চিম ব্যৱহাৰ কৰি হেকাৰে লুট কৰি নিয়ে ধনৰাশি। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে আজি সংশ্লিষ্ট বেংক শাখাটোৰ পৰা ধন উলিয়াবলৈ যাওতে এই তথ্য পোহৰলৈ অহাত লোকজনে মোৰে কপালে হাত দিবলগা হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে হয়বৰগাঁও আৰক্ষী চকী আৰু বেংক কৰ্তৃপক্ষক পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰিছে। এইদৰে নিজৰ সাচতীয়া ধন হৰলুকি হোৱাত মৰ্মাহত হৈ পৰা শিক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ অভিযোগ কৰি কয়,” মোৰ একাউণ্টৰ পৰা ধন হেকাৰে লুট কৰি নিয়া ঘটনাত বেংকৰ একাংশ বিষয়া-কৰ্মচাৰী জৰিত থাকিব পাৰে।” উল্লেখ্য যে, ইয়াৰ পুৰ্বেতেও নগাঁৱত বহু কেইটা এনে ধৰণৰ ঘটনা সংঘটিত হৈছে।
নগাঁৱত এইবাৰ গ্ৰাহকৰ একাউণ্ট নম্বৰৰ পৰা হেকাৰে লুটিলে ৭ লক্ষাধিক টকা
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026