বৰভাগ : সন্দিকৈ কলেজৰ এগৰাকী অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনীক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰীত । নিজৰ পুত্ৰৰ চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা অধ্যাপক গৰাকী হৈছে ড৹ নন্দেশ্বৰ ৰাজ মেধি । নিজ গৃহত চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা আশী উৰ্ধৰ বৃদ্ধ ড৹ নন্দেশ্বৰ ৰাজ মেধিক (৮২) অবশেষত আশ্ৰয়ৰ ব্যৱস্থা কৰে সাংবাদিক মজিবুৰ ৰহমানে । গুৱাহাটীৰ সন্দিকৈ কলেজত সুদীৰ্ঘ ৩২ বছৰে অধ্যাপনা কৰিছিল ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে । ১৮ বছৰ পূৰ্বে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অধ্যাপক গৰাকীয়ে বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰিছিল যদিও এতিয়া অসুস্থ হৈ পৰাৰ লগে লগে তেওঁৰ ওপৰত চৰম নিৰ্যাতন আৰম্ভ হ’ল উচ্চ শিক্ষিত পুত্ৰ – কন্যাৰ । চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত পেঞ্চনৰ ধনেৰে বৰপুত্ৰ লোচন ৰাজ মেধিক লক্ষীমপুৰত চাহ বাগিছাৰ ব্যৱসায়ত সহযোগ কৰিছিল । বৰপুত্ৰ – বোৱাৰী লক্ষীমপুৰত থকাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ নকুল ৰাজ মেধিয়ে ধন বিছাৰি পিতৃ – মাতৃক দৈনিক মাৰপিট কৰি অহাৰ গুৰুতৰ অভিযোগ কৰিছে পিতৃয়ে । নিজৰ পুত্ৰৰ দৈনিক মাৰপিট সহিব নোৱাৰি কেবাবাৰো ৰেলৰ আগত পৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল দুবাৰকৈ ডক্টৰেট ডিগ্ৰীধাৰী পিতৃয়ে । মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বাৰ এম এ ডিগ্ৰী লোৱাৰ পিছত দ্বিতীয়বাৰ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লোৱা ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে ১৯৭৭ চনত প্ৰথমবাৰ ডক্টৰেট ডিগ্ৰী লৈছিল । পিছত অসমীয়া সংস্কৃতিৰ ওপৰত পুনৰবাৰ ডক্টৰেট ডিগ্ৰী লৈছিল পৰবৰ্ত্তী সময়ত । সেই গৰাকী বিদ্বগ্ধ পণ্ডিতে অৱসৰ গ্ৰহণ কৰাৰ পিছত নিগাজিকৈ থাকিবলৈ লৈছিল নলবাৰী চহৰৰ উদয়পুৰত । নিজৰ কষ্ট উপাৰ্জিত ধনেৰে দুই পুত্ৰক স্বাবলম্বী কৰোৱাৰ ব্যৱস্থা কৰোৱাৰ লগতে বিবাহ কাৰ্যও সম্পাদন কৰাই দিছিল । পিছে অকৰ্মন্য কনিষ্ঠ পুত্ৰই সুৰাসক্ত হৈ প্ৰায়েই পিতৃ – মাতৃক মাৰপিট কৰি ঘৰখনত এক অশান্তিৰ পৰিবেশ বিৰাজ কৰাই অহাৰ পিছত সেইবোৰৰ পৰা পৰিত্ৰাণ বিছাৰিয়েই জীয়াই থকাৰ মানসিকতা হেৰুৱাই পেলাইছিল বৃদ্ধ গৰাকীয়ে । উপায় বিহীন হৈ অধ্যাপক গৰাকীয়ে ৰেলৰ আগত আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল । অবসৰপ্ৰাপ্ত অধ্যাপক ড৹ মেধিৰ তেনে দুৰ্দশাৰ কথা জানি কোনো এগৰাকী শুভাকাংক্ষীয়ে দিয়া খবৰৰ ভিত্তিত অলপতে সাংবাদিক মজিবুৰ ৰহমানে তেওঁক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত । যাৰ ফলস্বৰূপে এক নিশ্চিত অঘটনৰ পৰা ৰক্ষা পৰিল অধ্যাপক গৰাকী । দুবাৰকৈ ডক্টৰেট ডিগ্ৰী লোৱা সন্দিকৈ কলেজৰ অধ্যাপক ড৹ মেধি এতিয়া শান্তি নিবাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমৰ আলহী । লক্ষনীয়ভাবে ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ সত্তুৰ উৰ্ধৰ পত্নী হীৰামনি ৰাজ মেধিয়ে পুত্ৰৰ নিৰ্যাতন খাই হ’লেও ঘৰখনৰ মোহ এৰিব পৰা নাই । আশী উৰ্ধৰ বৃদ্ধ পিতৃৰ এনে আলাই আথানিৰ পিছতো চাহ বাগানৰ মালিক বৰপুত্ৰৰ খবৰ লোৱাৰ আহৰি নহ’ল অশীতিপৰ পিতৃৰ । ইফালে ড৹ মেধিৰ ভটিজাক যোগেশ্বৰ ৰাজ মেধি হৈছে অসম চৰকাৰৰ কৃষি বিভাগৰ এগৰাকী উচ্চ অপদস্থ বিষয়া ।
সন্দিকৈ কলেজৰ অধ্যাপকৰ আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ: চাহ বাগানৰ মালিক বৰপুত্ৰই ও নলয় খবৰ
-
By publisher

- Categories: News
Related Content
দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি
By
publisher
May 2, 2026
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
By
publisher
May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
By
publisher
May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
By
publisher
May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
By
publisher
May 2, 2026